অসম ইছলামিক সাহিত্য সভাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। আজি বৰপেটা চহৰৰ চহিদ ভৱনত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে কয় যে ৰাজ্যৰ জটিল পৰিস্থিতিত অসম ইছলামিক সাহিত্য সভাই ভুমুকি মৰা কাৰ্য আশ্বৰ্যজনক।
‘কা’ বিৰোধী সংগ্ৰামক বিচলিত কৰাৰ বাবে বিজেপি দলে নিকৃষ্ট ৰাজনীতি কৰা বুলি নেতা গৰাকীয়ে অভিযোগ কৰে।
‘অসমত সাম্প্ৰদায়িক ৰূপ দিবলৈ যে বিজেপি আৰু ইউ ডি এফ দল উঠি পৰি লাগিছে তাৰ প্ৰমাণ অসম ইছলামিক সাহিত্য সভা’ ৰহমানে কয়।
এই সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক বিজেপি বিধায়ক নাৰায়ণ ডেকা আৰু মুখ্য সম্পাদক ইউ ডি এফ পৰিচালিত জমিয়ত উলেমাৰ সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমী বুলি উল্লেখ কৰি বিজেপি আৰু ইউ ডি এফ দলৰ বাবেই অসম ইছলামিক সাহিত্য সভাই ৰাজ্যত ভুমুকি মৰা বুলি নেতা গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷
আনহাতে অসম ইছলামিক সাহিত্য সভাই অহা ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ নলবাৰীৰ আদাবাৰীত অনুষ্ঠিত কৰিব বিচৰা অভিৱৰ্তনত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে বাধা দিব বুলিও সংবাদমেলৰ জৰিয়তে সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে জনায়।