NORTHEAST NOW (Assamese)

এন আৰ চিৰ ত্ৰাসত নিহতৰ ভিতৰত ৩৯ গৰাকীয়ে হিন্দু বাঙালী সম্প্ৰদায়ৰ : অপূৰ্ব ভট্টাচাৰ্য্য

May 29, 2019 3:57 pm · অনিৰ্বান পাঠক
Updated: May 29, 2019 4:10 pm

এন আৰ চিত উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰকৃত ভাৰতীয় লোক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পাছতো মুখ্য মন্ত্ৰী সোণোৱালৰ চৰকাৰে উট পক্ষীৰ দৰে বালিত মূৰ গুজি আছে।

মুখ্য মন্ত্ৰীক উদ্দেশ্যি এই বাক্যবাণ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যৰ।

শেহতীয়াভাৱে এন আৰ চিৰ আপত্তিৰ শুনানি গ্ৰহণৰ সময়ত উন্মোচিত হোৱা ভুৱা আপত্তিৰ বিষয়ক লৈ সৰৱ হৈ অপূৰ্ব ভট্টাচাৰ্য্যই আজি ৰাজীৱ ভৱনত এক সংবাদমেল পাতি এই দৰে চৰকাৰক সমালোচনা কৰে।

‘এনে কাৰ্য্য কলাপেৰে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা বহু আকাংক্ষিত এন আৰ চি প্ৰক্ৰিয়াক বিলম্ব কৰিবলৈ আৰু ইয়াত আউল লগাবলৈহে কৰা হৈছে।’ কংগ্ৰেছ নেতাজনে কয়।

তেওঁ ১৯৫১ চনৰ এন আৰ চিকে ধৰি ১৯৭১ৰ আগৰ বৈধ নথি থকা লোকক হাৰাশাস্তি দিয়াৰ প্ৰসংগও উত্থাপন কৰে।

একেদৰে ডিটেশ্যন কেম্পত ৰখা আৰু বিদেশী ঘোষণা আদিৰ জৰিয়তে শংকাৰ সৃষ্টি কৰাৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়ালৈ আত্মহত্যাকে ধৰি বিভিন্ন প্ৰকাৰে ৪৪ জন লোকৰ মৃত্যু হোৱা বুলি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

নিহতসকলৰ ভিতৰৰ ৩৯ গৰাকীয়ে হিন্দু বাঙালী সম্প্ৰদায়ৰ বুলি দাবী কৰি ভট্টাচাৰ্য্যই কয়, ‘হিন্দু বাঙালীৰ প্ৰতি দৰদ দেখুওৱা বিজেপিৰ দিনত এইদৰে হিন্দু বাঙালী নিৰ্যাতিত হৈ আছে’।

তেওঁ অসম চৰকাৰ, ভাৰত চৰকাৰ, দেশৰ মহপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

একেখন সংবাদ মেলতেই নগাঁও আৰু কাচাৰ কাগজকল সন্দৰ্ভতো বিজেপিৰ দুয়োখন চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ আনে।

Related News