অসম চৰকাৰৰ আৱকাৰী বিভাগে উৎপাদন কৰিব হেণ্ড চেনিটাইজাৰ; অসম চৰকাৰৰ ঘোষণা

sanitization-500x500

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰততো এই ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।

ভাৰতত এতিয়ালৈ চাৰি সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১২৫ জন মৃত্যুমুখত পৰিছে। অসমত বৰ্তমানলৈ ২৬ জন লোক আক্ৰান্ত হৈছে।

এনে এক পৰিস্থিতিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ লগতে ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ত্ৎপৰ হৈছে ৰাজ্য চৰকাৰ।

ক’ৰ’নাৰ বিৰুদ্ধে এই যুজৰ মূল অস্ত্ৰ হেণ্ড চেনিটাইজাৰ। হেণ্ড চেনিটাইজাৰ অভাৱ দূৰ কৰিবলৈ ৰাজ্যৰ আৱকাৰী বিভাগে ১১টাকৈ সুৰা উৎপাদনকাৰী কোম্পানীক সুৰাৰ পৰিবৰ্তে হেণ্ড চেনিটাইজাৰ উৎপাদনৰ নিৰ্দেশ দিছে।

আৱকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডে জনোৱা অনুসৰি প্ৰায় ৫লাখ লিটাৰ  হেণ্ড চেনিটাইজাৰ উৎপাদন কৰাৰ লক্ষ্য আৱকাৰী বিভাগৰ।

চিকিৎসক, আৰক্ষী, সংবাদকৰ্মী, চাফাই কৰ্মীসকলক বিনামূলীয়া ভাবে দিয়া হ’ব এই হেণ্ড চেনিটাইজাৰ।

চিকিৎসালয়, কোৱাৰেন্টাইন শিবিৰ সমূহতো বিনামূলীয়া হোৱাৰ লগতে সাধাৰণ ৰাইজৰ বাবে বজাৰ মূল্যতকৈ কম দামত বিক্ৰী কৰা হ’ব  হেণ্ড চেনিটাইজাৰ।

আজি কৃষিমন্ত্ৰী অতুল বৰাই সংবাদমেলত সাংবাদিক সমূহৰ লগতে মন্ত্ৰী বৰা, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ মাজত বিনামূলীয়াকৈ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে। অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত প্ৰায় ১২০০ বটল হেণ্ড চেনিটাইজাৰ বিনামূলীয়াকৈ বিতৰণ কৰে । অসমৰ সকলো জিলাতো বিনামূলীয়াকৈ বিতৰণ কৰিছে হেণ্ড চেনিটাইজাৰ।

মহানগৰীৰ জনসাধাৰণে এই হেণ্ড চেনিটাইজাৰ সমূহ পাঞ্জাবাৰী স্থিত বিপনণ ক্ষেত্ৰ আৰু বেলতলা লক্ষ্মী মন্দিৰৰ সমীপৰ জেডিবি চুপাৰ মাৰ্কেটত বজাৰ মূল্যতকৈ কম দামত কিনিব পাৰিব।

হেণ্ড চেনিটাইজাৰ সমূহ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী অনুসৰি প্ৰস্তুত কৰা হৈছে। এই হেণ্ড চেনিটাইজাৰ সমূহ বজাৰত উপলব্ধ চেনিটাইজাৰ সমূহতকৈ উন্নতমানৰ। এই হেণ্ড চেনিটাইজাৰ সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷চকু কান নাক আদিত যাতে স্পৰ্শ নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ  উপৰিও পানী বুলি যাতে গ্ৰহণ নকৰে তাৰ বাবে সুৰক্ষিত ঠাইত ৰাখিব লাগে ৷