DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰিলে অসম চৰকাৰে

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 11:00 pm
E2e8lhWVIAUeMnq-750x375
495
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচাসমূহৰ প্ৰতিনিধিৰে কৰা আলোচনা মৰ্মে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইমৰ্মে চাহ শ্ৰমিকৰ মজুৰি এতিয়া দৈনিক ২০৫ টকা হ’ব। পূৰ্বে ৰাজ্যৰ চাহ শ্ৰমিকে দৈনিক ১৬৭ টকাকৈ মজুৰি লাভ কৰি আছিল।চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি বৰাক তথা ব্ৰহ্মপুত্ৰ উভয় উপত্যকাতে প্ৰযোজ্য হ’ব।

উল্লেখ্য বৰাক উপত্যকাত চাহ শ্ৰমিকে এতিয়াৰে পৰা দৈনিক ১৮৩ টকাকৈ মজুৰি লাভ কৰিব। কিয়নো পূৰ্বে বৰাক উপত্যকাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি আছিল ১৪৫ টকা।

উল্লেখ্য নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু চৰকাৰৰ সেই সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল আদালতে।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ইণ্ডিয়ান টি এছোচিয়েছনকে ধৰি মুঠ ১৭ টা চাহ কোম্পানীয়ে আদালতত আবেদন জনোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তটো স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।

চাহ কোম্পানীসমূহে অভিযোগ কৰা অনুসৰি চৰকাৰে কোনো পূৰ্ব আলোচনা নকৰাকৈয়ে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত লৈছে আৰু এই সম্পৰ্কীয় কমিটিও গঠন কৰি দিছে।চৰকাৰে এই ক্ষেত্ৰত নূন্যতম মজুৰি আইন ১৯৪৮ মানি চলা নাই বুলিও চাহ কোম্পানীসমূহে অভিযোগ কৰিছিল।

In consultation with workers unions, gardens mgt we've agreed on upward revision in wages of tea garden workers by Rs 38, to be effective from Feb 23. With this workers in Brahmaputra Valley shall get Rs 167+38 (Rs 205) & those in Barak Valley will get Rs 145 + 38 (Rs 183). 2/3

— Himanta Biswa Sarma (@himantabiswa) May 28, 2021

চাহ কোম্পানীসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মাইকেল জথানখুমাই চৰকাৰক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।

ৰাজ্য চৰকাৰৰ কেবিনেটে ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকা মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ পূৰ্বৰ তুলনাত ৫০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। যোৱা ২৬ মে’ত চৰকাৰে এক জাননীৰ জৰিয়তে পূৰ্বৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিছিল।

৫০ টকাৰ সলনি ৩৮ টকা বৃদ্ধি কৰা সন্ৰ্ভত টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই এই বুলি মন্তব্য কৰে যে বাকী ১২ টকা সন্দৰ্ভতো আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হ’ব।

তাৎপয্যপূৰ্ণভাৱে চাহ শ্ৰমিকসকলে বা অন্যান্য চাহ জনগোষ্ঠীয় সংগঠন সমূহে দাবী কৰি আহিছিল যে চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু অতদিনে ১৬৭ টকা দৈনিক মজুৰি লাভ কৰি আহিছিল।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd