• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যখনৰ চিনেমা হলসমূহ পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা লৈছে অসম চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , August 26, 2019 9:00 am

2 min read

jonaki-cinema

তেজপুৰৰ জোনাকী চিত্ৰ গৃহৰ ফাইল ফটো। ফটো ফেইচবুকৰ সৌজন্যত

4.7k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে অলপতে ৰাজ্যখনৰ নতুন আৰু পুৰণি চিনেমা হল পুনৰুজ্জীৱিত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাক চিনেমা গৃহসমূহ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰ সিদ্ধান্ত মৰ্মে, ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ, বিশিষ্ট অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা যতীন বৰাই যোৱা সপ্তাহত তেজপুৰৰ ঐতিহাসিক জোনাকী চিনেমা হল পৰিদৰ্শন কৰে।

তেওঁ এই ঐতিহ্যমণ্ডিত চিত্ৰগৃহটোৰ স্বত্ত্বাধিকাৰীৰ সৈতে মত বিনিময় কৰে।

সাক্ষাতৰ সময়ত যতীন বৰাই অহা অক্টোবৰত জোনাকী চিনেমা হলক ‘ঐতিহ্য’ৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

তেওঁ তেজপুৰ ভ্ৰমণৰ সময়ত শোণিতপুৰৰ উপায়ুক্ত নৰসিং পাৱাৰৰ সৈতে এক বিতং আলোচনাত মিলিত হয়।

আলোচনাৰ সময়ত দুয়োগৰাকীয়ে চিত্ৰ গৃহটো পুনৰুজ্জীৱিত কৰা সম্পৰ্কে আলোচনা কৰে।

পুনৰুজ্জীৱিত কৰি তোলা জোনাকী চিত্ৰগৃহটো অহা ৩ অক্টোবৰত মুখ্য মন্ত্ৰী সোণোৱালে মুকলি কৰাৰ সম্ভাৱনা আছে।

ৰাজ্য চৰকাৰে পুৰণি চিত্ৰ গৃহৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ২৫ লাখ টকাৰ আৰু নতুন চিত্ৰগৃহৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জোনাকী চিত্ৰ গৃহটো অসমত নিৰ্মাণ কৰা প্ৰথমটো চিত্ৰগৃহ।

এইটো ১৯৩৭ চনত অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰিছিল।

১৯৩৫ চনত যেতিয়া জ্যোতিপ্ৰসাদে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰিছিল, তেতিয়া ৰাজ্যখনত কোনো স্থায়ী চিত্ৰগৃহ নাছিল আৰু তেওঁ এটা সাজি লোৱা প্ৰেক্ষাগৃহত তেওঁৰ ছবি প্ৰদৰ্শন কৰিছিল।

তেওঁ জোনাকী প্ৰেক্ষাগৃহটো উন্নত কৰি ১৯৩৭ চনত এটা স্থায়ী চিত্ৰ গৃহ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd