• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্লেক ফাংগাছৰ আতংক! ৰাজ্য চৰকাৰে জাৰি কৰিলে ব্লেক ফাংগাছৰ এছ অ’ পি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 9:47 am
black-fungus-1
408
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাৰ ভয়ানক সংক্ৰমণ চলি থকাৰ মাজতে ব্লেক ফাংগাছৰ আতংকই নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। কেইবাখনো ৰাজ্যৰ লগতে অসমতো ব্লেক ফাংগাছৰ ঘটনা ধৰা পৰিছে।

অসমত ইতিমধ্যে ব্লেক ফাংগাছত আক্ৰান্ত এজন লোকৰ মৃত্যু ঘটিছে। ৰাজ্য চৰকাৰে ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিছে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্লেক ফাংগাছৰ এছ অ’ পি জাৰি কৰিছে।

ব্লেক ফাংগাছক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহৰ ভিতৰত     ডায়েবেটিছ, কিডনী সংস্থাপন কৰা ৰোগীসকলক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে।

ডায়েবেটিছ ৰোগীক ষ্টেৰয়ড ব্যৱহাৰ নকৰাকৈ ব্লাড ছুগাৰ নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া হৈছে। তদুপৰি, ষ্টেৰয়ড ব্যৱহাৰত উপযুক্ত সময় আৰু সঠিক মাত্ৰাৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

সেইদৰে, ৰোগীয়ে এণ্টিবায়’টিক আৰু এণ্টি ফাংগেল ঔষধ ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

হোম আইছ’লেশ্যনত থকা ৰোগীসকলক সুকীয়া পৰামৰ্শ আগবঢ়োৱা হৈছে স্বাস্থ্য বিভাগৰ এছ অ’ পিত।

সেই অনুসৰি, চকু ৰঙা পৰা, দৃষ্টি শক্তি হ্ৰাস পালে চিকিৎসকৰ পৰামৰ্শ  গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে মুখ আৰু গালৰ বিষৰ বাবে সতৰ্ক থাকিবলৈ কোৱা হৈছে।
তদুপৰি, নাকৰ পৰা তেজ আৰু দুৰ্গন্ধ ওলালেও সতৰ্ক হ’বলৈ কোৱা হৈছে।

ব্লেক ফাংগাছৰ ক্ষেত্ৰত জনসাধাৰণে নিৰ্মাণস্থলী বা ধূলিময় স্থানলৈ গ’লে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সেইদৰে মাটি খন্দা আদি কাম কৰোতে দীঘল পেন্ট, জোতা, হাত দীঘল চোলা, গ্ল’ভছ আদি পিন্ধিবলৈ কোৱা হৈছে।

ব্লেক ফাংগাছৰ ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসকসকলক লিপ’ছমেল এম্ফোটেৰিছিন-বি বেজী প্ৰদানৰ পৰামৰ্শ দিয়া হৈছে।

এছ ক্ৰিয়েটিনাইন আৰু এছ পটাছিয়াম প্ৰতি ৭২ ঘন্টাত নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে।

এম্ফোটেৰিছিন-বি সহ্য নোহোৱা ৰোগীক বিকল্প হিচাপে পছ’কনেজ’ল টেবলেট প্ৰথম দিনা ৩০০ এমজি দিনত দুবাৰ আৰু প্ৰতিদিনে এবাৰকৈ ৩-৬মাহ খাব দিবলৈ পৰামৰ্শ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd