NORTHEAST NOW (Assamese)

অসম চৰকাৰ দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত চৰকাৰ! অভিযোগ ৰাহুল গান্ধীৰ

January 18, 2024 4:49 pm · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজি প্ৰৱেশ কৰে অসমত। অসমত প্ৰৱেশ কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তুলিছে এক বিস্ফোৰক অভিযোগ।

কংগ্ৰেছ নেতাগৰাকীৰ মতে, অসম চৰকাৰ সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত চৰকাৰ। ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত অসমৰ সমস্যা উত্থাপন কৰা হ’ব বুলিও গান্ধীয়ে মন্তব্য কৰে।

নাগালেণ্ডৰ পৰা যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পিছতে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত সমৰ্থন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে শিৱসাগৰৰ হালোৱাটিঙত দলীয় কৰ্মীসকলক সম্বোধন কৰে।

নিজ বক্তব্যৰ মাজতে গান্ধীয়ে শাসকীয় ভাৰতীয় জনতা পাৰ্টি আৰু দলটোৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ঘৃণা বিয়পাই ৰাজহুৱা ধন লুণ্ঠন কৰা বুলি তীব্ৰ সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে লগতে নিজ ভাষণৰ মাজত মণিপুৰৰ প্ৰসংগও উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণৰ পৰা বিৰত থকাৰ বাবেও তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে।

লগতে মোদী তথা বিজেপি চৰকাৰে সংঘাতজৰ্জৰ ৰাজ্যখনৰ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি চকু মুদা কুলিৰ ভাও ধৰা বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Related News