DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাং জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 7:48 am
ৰাজ্যপাল জগদীশ মুখী

ৰাজ্যপাল জগদীশ মুখী

408
VIEWS
Share on FacebookShare on Twitter

অসমত চলিত বৰ্ষত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। শুকুৰবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে চিৰাং জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে মালিপাৰা মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী বান শিৱিৰত উপস্থিত হৈ বানাক্ৰান্ত লোক সকলৰ খবৰ লয়।

চিৰাং জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি তেওঁ অসমৰ বানপানীক লৈ গভীৰভাৱে উদ্বিগ্ন বুলি কোৱাৰ লগতে চৰকাৰে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোক আৰু পশুধনৰ সহায়ৰ আৰু সাহায্যৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে।

বান শিৱিৰত ৰাজ্যপাল গৰাকীয়ে বানাক্ৰান্ত লোক সকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়।

পৰিদৰ্শন কালত মুখীয়ে জিলা উপায়ুক্তক শিশু, বৃদ্ধলোক, গৰ্ভৱতী মহিলা সকলক সাহায্যৰ ক্ষেত্ৰত কোনোধৰণৰ ক্ৰতি নাৰাখিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, অস্থায়ী বান শিৱিৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু উপলব্ধ হোৱা বিশুদ্ধ খোৱাপানীৰ বাবে ৰাজ্যপাল মুখীয়ে জিলা উপায়ুক্ত গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

অস্থায়ী বান শিৱিৰত উপলব্ধ হোৱা চিকিৎসা সেৱাৰ বাবেও তেওঁ চিৰাং জিলা কৰ্তৃপক্ষৰ শলাগ লয়।

তদুপৰি, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যপাল গৰাকীয়ে জিলা প্ৰশাসনক বানপানীৰ সময়ত স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো ধৰণৰ নীতি-নিৰ্দেশনা পালন কৰাৰ বাবেও আহ্বান জনায়।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd