শুকুৰবাৰে পুৱা ১০:৩০ বজাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) অন্তৰ্গত তৃতীয় বৰ্গৰ ৭,৬৫০ টা পদৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইট assam.gov.in ৰ জৰিয়তে ফলাফল পৰীক্ষা কৰিব পাৰিব।
এই পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৮ খন জিলাৰ ২৩,৮৫,৪২১ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হয়। স্কীল টেষ্টৰ বাবে বাছনি লাভ কৰে ১৬,২৯৫ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে ১৩,৮৭৭ জন প্ৰাৰ্থীয়ে লাভ কৰে বাছনি। লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ হয় ৭,৬৫০ গৰাকী প্ৰাৰ্থী।
অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে ফলাফলত প্ৰাৰ্থী “যোগ্য” নে “যোগ্য নহয়” সেই কথা উল্লেখ কৰা হ’ব।
তেওঁ ব্যাখ্যা কৰে যে দক্ষতা পৰীক্ষা তিনিটা সংস্থাৰ সহায়ত অৰ্থাৎ কম্পিউটাৰ পৰীক্ষাৰ বাবে AMTRON, ড্ৰাইভিং পৰীক্ষাৰ বাবে পৰিবহণ বিভাগ, আৰু ষ্টেনোগ্ৰাফী পৰীক্ষাৰ বাবে ITI ৰ সহায় লোৱা হৈছিল। দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক মেধাৰ ভিত্তিত চৰকাৰী বিভাগত পদ আবণ্টন দিয়া হ’ব। সামৰি লোৱা ৫০টা বিভাগৰ ভিতৰত কৃষি বিভাগত সৰ্বাধিক পদ খালী আছে আৰু সেই অনুসৰি তাত সফল প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।
তিৱাৰীয়ে লগতে জনায় যে পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত অনিয়ম বা অসৎ আচৰণৰ খবৰ পোৱা ঘটনাত ইতিমধ্যে চাৰ্জশ্বীট দাখিল কৰা হৈছে।
এডিআৰইৰ ফলাফলৰ উপৰিও অসম আৰক্ষীৰ অধীনত ৬২৫টা পদৰ নিযুক্তি প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে আৰু ফলাফল পুৱা ১১:৩০ বজাত এছএলপিআৰবিৰ অফিচিয়েল ৱেবছাইট (www.slprb.com)ত ঘোষণা কৰা হ’ব।
৬,২৩৯টা আৰক্ষীৰ খালী পদৰ ভিতৰত আজি ৬২৫টা পদৰ ফলাফল প্ৰকাশ পোৱাৰ বিপৰীতে বাকী ৫,৬১৪টা পদৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব।
অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এডিআৰই আৰু অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া সুকীয়া।





