মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা; ৰাজ্যৰ গ্ৰাহকে ৩০ ইউনিটলৈকে দিব নালাগে বিদ্যুতৰ মাচুল

দিল্লীৰ কেজৰিৱাল চৰকাৰক অনুকৰণ কৰিছে নেকি অসম চৰকাৰে ?

light-bulb-2723403_960_720(1)

দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ মডেল লাহে লাহে অসম চৰকাৰেও ল’বলৈ আৰম্ভ কৰিছে নেকি? শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰে এই প্ৰশ্নটোক প্ৰাসংগিক কৰি তুলিছে।

সমাগত ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে জোঁৱাৰ উঠিছে অধিষ্ঠানবিৰোধী ঢৌ।

নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ উজনি নামনি, উত্তৰে-দক্ষিণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলে নেৰানেপেৰাকৈ আধাৰশিলা স্থাপনত ব্যৱস্থ হৈ আছে।

প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভুৱন ভুলোৱা আঁচিন ঘোষণা কৰি দলীয় সভাত ব্যস্ত হৈ আছে।

তথাপিও যেন ২০২১ৰ নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব পৰাকৈ আত্মবিশ্বাসী হ’ব পৰা নাই বিজেপি দল থকা চৰকাৰ।

সেয়ে এতিয়া ভোটাৰৰ মন মুহিবলৈ চিৰ বৈৰী দিল্লীৰ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পদাংক অনুসৰণেৰে অসম চৰকাৰে এক ৰাজ্যত ৩০ উইনিট বিজুলিৰ মাচুল ফ্ৰী দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লীত প্ৰতিজন উভোক্তাকে মাহে ২০০ ইউনিটকৈ বিজুলি ফ্ৰীকৈ যোগান ধৰি আহিছে।

এতিয়া দিল্লী চৰকাৰৰ দৰে অসম চৰকাৰেও ৩০ ইউনিটলৈকে বিদ্যুতৰ মাচুল দিব নালাগে বুলি ঘোষণা কৰিছে।

আজি ৰাজ্য চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ ঢেকিয়াজুলিৰ এক জনসভাত এই ঘোষণা কৰিছে।

’৩০ ইউনিটলৈকে যদি বিদ্যুৎ ব্যৱহাৰ হয় তেন্তে ৰাইজে বিদ্যুতৰ মাচুল দিব নালাগে।‘ ঢেকিয়াজুলিত এক নিৰ্বাচনী সভাত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, দুখীয়া দৰিদ্ৰ লোকসকলে বিদ্যুৎৰ মাচুল দিয়াৰ সময়ত ৰাজসাহায্য লাভ কৰাৰ সম্ভাৱনাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

সভাখনত তেওঁ আৰু কয় ‘আমি লাহে লাহে এটা এটাকৈ আঁচনিৰ কাম কৰি গৈ আছো। ধুতি-লুঙিৰ পৰা ৰাইজক সঁচা অৰ্থত উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছো।‘

কেজৰিৱাল চৰকাৰৰ দৰেই সঁচা অৰ্থত অসমখনকো আগুৱাই নিব পাৰিব নেকি সেয়া সময়ত লক্ষণীয় হ’ব।