ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে জননেতা ভীমবৰ দেউৰীৰ স্মৃতিত লখিমপুৰ জিলাৰ বিহপুৰীয়াত এটা সমন্বয় ক্ষেত্ৰ তথা সংগ্ৰহালয় স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।
এই উদ্দেশ্যে জিলা প্ৰশাসনে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি ভূমি আৱন্টন দিব।
জনতা ভৱনত বৃহস্পতিবাৰে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে এই প্ৰতিশ্ৰুতি দিয়ে।
বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে লগতে ঘোষণা কৰে যে জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকী ৩০ নৱেম্বৰৰ দিনটো স্মৃতি দিৱস হিচাপে ৰাজ্য চৰকাৰে পালন কৰিব।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত বিধায়ক মৃণাল শইকীয়া, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দেউৰী, সাধাৰণ সম্পাদক সঞ্জীৱ দেউৰীৰ লগতে সন্থাৰ আন বিষয়ববীয়া উপস্থিত থাকে।
উল্লেখযোগ্য যে জননেতা ভীমবৰ দেউৰীয়ে দেশ বিভাজনৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক পূব পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
প্ৰতি বছৰে জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকীৰ ৩০ নৱেম্বৰৰ দিনটো স্মৃতি দিৱস হিচাপে অসমত পালন কৰা হয়। যোৱা বছৰ জননেতা ভীমবৰ দেউৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকীত জননেতা ভীমবৰ দেউৰী সোঁৱৰণি উদযাপন কমিটিয়ে মহানগৰীত বিশিষ্ট লেখক ড০ অনিল ভৰালীৰ সভাপতিত্বত এখন আলোচনা চক্ৰৰ আয়োজন কৰিছিল।