• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে শীঘ্ৰে গঠন কৰিব স্বায়ত্ত শাসিত পৰিষদ: মুখ্য মন্ত্ৰী সোণোৱাল

সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত ঘোষণা মুখ্য মন্ত্ৰীৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 31, 2020 8:13 pm
Assam Govt to create Moran Autonomous Council soon: CM Sonowal
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্বায়িত্ব লোৱাৰে পৰা অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আপোচ কৰা নাই আৰু নকৰে। যেতিয়ালৈকে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা জাতি জনগোষ্ঠীৰ ভূমিপুত্ৰসকলে অসমৰ মাটিৰ ওপৰত দখলীস্বত্ব নহ’ব তেতিয়ালৈকে এই চৰকাৰে কাম কৰি যাব। সেয়েহে কিছুদিন পুৰ্বে অসমৰ ১লাখ ভুমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিছে আৰু ১লাখ লোকক শীঘ্ৰে মাটিৰ পট্টা দিয়াৰ সংকল্প লৈছো।তাৰোপৰি সকলো জাতি জনগোষ্ঠীক আইন মতে সংৰক্ষণ কৰি সম মৰ্য্যদা প্ৰদান কৰাই এই চৰকাৰৰ অন্যতম লক্ষ্য।”-  আজি ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত আয়োজিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণ প্ৰসঙ্গত এনেদৰে কয়।

লগতে তেওঁ কয় যে, “মই মুখ্যমন্ত্ৰী হৈ ক্ষমতাত অধিষ্ঠিত হৈ থকাটোৱে কেৱল একমাত্ৰ উদ্দেশ্য নহয়। ৰাজ্যখনৰ সকলো জতি জনজাতিৰে সমৃদ্ধ বৃহত্তৰ অসমীয়া সমাজৰ ৩ কোটি ৫০ লাখ লোকৰ স্বাৰ্থত দিনে নিশাই কাম কৰি যোৱাটোহে মোৰ মূল উদ্দেশ্য। অসমৰ মানচিত্ৰক ভাৰতবৰ্ষৰ বুকুত জিলিকাই তোলা। অসমীয়া কৃষ্টি সংস্কৃতি, ভাষা-সাহিত্যক মৰ্য্যদা সহকাৰে বিশ্বৰ দৰবাৰত উপস্থাপন কৰা।”

Apply Now

আনহাতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে শীঘ্ৰে গঠন কৰিব মৰাণ স্বায়ত্ত শাসিত পৰিষদ।

ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত যোৱা ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথমখন মুকলি সভাত মুখ্য মন্ত্ৰীৰ লগতে সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ।

তাৰোপৰি আমন্ত্ৰিত অতিথি হিচাপে খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম আৰু চাহজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভা সাংসদ বিশ্বজিৎ দৈমাৰী আৰু অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দুলাল মৰাণ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আৱাসিক মুখ্য কাৰ্যবাহী দিলীপ কুমাৰ শৰ্মা, গৱেষক, লেখক সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃবন্দ আৰু জিলাখনৰ স্থানীয় বিধায়কসকল।

সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে অংশগ্ৰহণ কৰি মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ সৌমাৰ উন্মোচন কৰে।

সভাখনিৰ পৌৰোহিত্য কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd