NORTHEAST NOW (Assamese)

শিক্ষা বিভাগত নিযুক্তিৰ পদক্ষেপ অসম চৰকাৰৰ; ২২,৯২১ পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ!

August 8, 2021 8:04 pm · এন ই নাও নিউজ

ৰাজ্যৰ শিক্ষা বিভাগত মুঠ ২২,৯২১ টা খালী পদত নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও টুইটাৰযোগে এই কথা জানিব দিছে।

পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদ পূৰণৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

সেইদৰে, বড়ো, গাৰো, আৰু মণিপুৰী মাধ্যমৰ বাবেও অনুষ্ঠিত কৰা হ’ব বিশেষ টেট পৰীক্ষা।

অহা ১ ছেপ্টেম্বৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

যোৱা ৪ আগষ্টত অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

Related News