DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লঘু যাত্ৰীবাহী বাহন ক্ৰয়ত ১০ হাজাৰ যুৱকলৈ ৰাজ সাহায্য চৰকাৰৰ; ১ হাজাৰজন যুৱ সাহিত্যিকক ৫০ হাজাৰকৈ টকা

চৰকাৰী বিদ্যালয়ত হ'ব বিনামূলীয়া চেনিটেৰি নেপকিন ভেণ্ডিং মেচিন থকা গাৰ্লছ কমনৰূমৰ পৰীক্ষামূলক ৰূপায়ণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 7:28 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ দহ হাজাৰ যুৱকক চৰকাৰে লঘু যাত্ৰীবাহী বাহন ক্ৰয় কৰাৰ বাবে ৰাজ সাহায্য আগ বঢ়াবলৈ সিদ্ধান্ত কৰিছে।

ৰাজ্যৰ দহ হাজাৰখন গাঁৱৰ দহ হাজাৰজন নিবনুৱা যুৱকলৈ এই সকাহ আগ বঢ়াব বুলি মুখ্য মন্ত্ৰীয়ে যোৱা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীতে ঘোষণা কৰিছিল। যুৱকসকলে এই বাহন ক্ৰয়ত ২৫ শতাংশ ৰাজসাহায্য পাব।

মুখ্য মন্ত্ৰীয়ে আজি বাজেট সন্নিৱিষ্ট শিক্ষা বিভাগৰ বিভিন্ন ঘোষণা আৰু স্বাধীনতা দিৱসত নিজেই কৰা ঘোষণাৰ ৰূপায়ণৰ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল।

অহা ২ অক্টোবৰত এই আঁচনিৰ প্ৰাৰম্ভণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ পৰিবহণ বিভাগক নিৰ্দেশ দিয়া বুলি চৰকাৰৰ বিবৃতিত প্ৰকাশ।

একেদৰে, ৰাজ্যখনৰ ১ হাজাৰজন যুৱ সাহিত্যিকক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য আগ বঢ়োৱা হ’ব বুলি বাজেটত সন্নিৱিষ্ট শিক্ষা বিভাগৰ ঘোষণাটো ৰূপায়ণৰ সূচনা কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীয়ে। এই ৫০ হাজাৰ টকাৰ এককালীন ৰাজ সাহায্য বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ দ্বাৰা নিৰ্বাচিত সাহিত্যিকক আগ বঢ়োৱা হ’ব।

ইয়াৰোপৰি আজিৰ বৈঠকত ১ লাখ পৰিয়ালৰ গৃহত অনাময় শৌচাগাৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগ বঢ়োৱা বিষয়টোও আলোচনা হয়। এই সাহায্য আগ বঢ়াওঁতে বান-ক্ষতিগ্ৰস্ত এলেকাৰ পৰিয়ালবোৰক অগ্ৰাধিকাৰ ভিত্তিত সামৰি ল’বলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে।

ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰানিং ৱাটাৰ, টয়লেট আৰু বিনামূলীয়া চেনিটেৰি নেপকিন ভেণ্ডিং মেচিনৰ সুবিধা থকা গাৰ্লছ কমনৰূম নিৰ্মাণ আদি দিশৰো বিতং আলোচনা হয়। মুখ্য মন্ত্ৰীয়ে অহা ১৫ অক্টোবৰৰ পৰা ৰাজ্যৰ কেইখনমান বিদ্যালয়ত পাইলট প্ৰজেক্ট হিচাপে এই কামৰ শুভাৰম্ভ কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি শিক্ষা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব সকল উপস্থিত আছিল।

Recent News

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd