বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

প্রবল বানপানীত ককবকাইছে অসমৰ ৰাইজ। বানৰ কবলত পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল। ঘৰ-বাৰী, খেতি বাতি, পশুধন হেৰুৱাই এতিয়া সৰ্বস্বান্ত হৈছে অসমৰ জনতা। কিন্তু বানাক্ৰান্তক সহায় কৰিবলৈ টকা নাই অসম চৰকাৰৰ পুঁজিত। লগতে বানাক্ৰান্ত ৰাইজলৈ নাই কেন্দ্ৰীয় চৰকাৰৰ সাহায্যও। এই কথা প্ৰমাণিত হৈছে অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এটা ৱেবচাইটত।

বিজেপি চৰকাৰে আৰম্ভ কৰা assam.mygov.in  নামৰ ৱেবচাইটটোৰ জৰিয়তে ৰাজ্যৰ বানাক্ৰান্ত ৰাইজলৈ সহায় বিচাৰিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে।

ৱেবচাইটটোৰ হোম পেজৰ ওপৰৰ ৱালপেপাৰত এইদৰে সাহায্য বিচাৰি লিখা হৈছে ‘আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰগৰাকী দুৰ্গতৰ মুখত হাঁহি’। এইদৰে বন্যাৰ্তলৈ সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনাই ৱেবচাইটটোত দিয়া হৈছে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউন্ট নম্বৰ। ইয়াৰ উপৰিও ষ্টেট বেংক অৱ ইণ্ডিয়াৰ জৰিয়তে অনলাইনযোগে সাহায্য আগবঢ়াবলৈ এটা লিংকো দিয়া হৈছে ৱেবচাইটটোত।

অসম চৰকাৰে এইদৰে ৰাইজৰ পৰা বান সাহায্য বিচৰা কাৰ্য্যক লৈ ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা চলিছে।

প্ৰশ্ন হৈছে, নমামি-ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন উৎসৱ-পাৰ্বনৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ পাছত এতিয়া ৰাজকোষ উদং নেকি? এতিয়া ৰাইজক নিৰাপত্তা দিবলৈ অপাৰগ নেকি সৰ্বানন্দ সোণোৱাল চৰকাৰ?

জনসাধাৰণৰ পৰা বানাক্ৰান্তৰ বাবে বৰঙণি বিচৰা চৰকাৰৰ এই কাৰ্য্যক ধিক্কাৰ দিছে বিৰোধী কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে নৰ্থ-ইষ্ট নাওক কয়, “এই বিষয়টো অতি দুৰ্ভাগ্যজনক আৰু হাস্যকৰ। এফালে তেওঁলোকে উৎসৱ-পাৰ্বনৰ নামত শ শ কোটি টকা খৰচ কৰে। তেওঁলোকে এডভাণ্টেজ আচাম পাতে, নমামি ব্ৰহ্মপুত্ৰ পাতে, কিন্তু বানপানীৰ সময়ত বানপীড়িতক সহায়ৰ বাবে ৰাইজৰ ওচৰত হাত পাতে।”

কোঁৱৰে লগতে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰৰ পৰা পুঁজি আহৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে। লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “৩০ বাৰ অসমলৈ অহা” বুলি  কোৱা কথাষাৰৰ উদ্ধৃতিৰে তেওঁ কয় যে মোদীৰ ৩০ বাৰৰ অসম ভ্ৰমণৰ গৰিষ্ঠ সংখ্যকেই নিৰ্বাচনসংক্ৰান্তীয় আছিল।

ইপিনে,  লোকসভা নিৰ্বাচনৰ আগত অসমলৈ তাঁতবাটি কঢ়া প্ৰধান মন্ত্ৰীকে ধৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ দুৰ্গতলৈ এইপৰ্য্যন্তও নাই কোনো সঁহাৰি। চলিত বৰ্ষৰ দুৰ্য্যোগ সাহায্য পুঁজিও মোকলাই দিয়া নাই কেন্দ্ৰই।