• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোঁপোলা হৈ ৰ’ল চৰকাৰৰ আন এটা ঘোষণা; দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 11, 2019 5:16 pm
Prabashi Asomiya Kendra_1

ৰাধাগোবিন্দ বৰুৱা পথৰ এ আই ডি চিত থকা প্ৰবাসী অসমীয়া কেন্দ্ৰটোৰ ফলক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“পৰিৱৰ্তন”ক জনগণৰ আগত দেখুৱাবলৈ ইটোৰ পিছত সিটো ঘোষণাৰে চমক সৃষ্টি কৰা বিজেপিৰ তিনি বছৰীয়া চৰকাৰখনৰ ঘোষণা/আঁচনিবোৰ এটাৰ পিছত আন এটাকৈ “ফোঁপোলা” প্ৰমাণিত হ’বলৈ ধৰিছে।

প্ৰায় ৪০ কোটি টকীয়া নমানী ব্ৰহ্মপুত্ৰ, নমামী বৰাকৰ মাজেৰে দিয়া ব্ৰহ্মপুত্ৰ-বৰাকৰ ওপৰত লোৱা হ’ব বুলি কোৱা আঁচনিবোৰৰ আজিলৈ একো উমঘাম নহ’ল।

কেইবাকোটি টকীয়া এডভাণ্টেইজ আছাম শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ মেলাৰ ফল কি সকলোৱে দেখি আছে?

বিনিয়োগ মেলা পতাৰ পাছত ৰাজ্যত থকা গুৰুত্বপূৰ্ণ কেইবাটাও উদ্যোগ বন্ধ হৈ যোৱাটো চকুৰ আগত লৈ চৰকাৰে চাই আছে।

এই বিনিয়োগমেলাৰ ঠিক আগে আগে বিদেশত থকা অসমীয়াসকলে যাতে অসমত বিনিয়োগ কৰিব পাৰে তাৰ বাবে ২০১৭ চনৰ ১৮ জুলাইত অসম চৰকাৰে গুৱাহাটীত স্থাপন কৰিছিল ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’। অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা অসম ঔদ্যোগিক উন্নয়ন নিগম (এ আই ডি চি)ৰ চৌহদতে কেন্দ্ৰটোৰ শুভাৰম্ভ কৰিছিল।

চৰকাৰে ইয়াৰ উদ্দেশ্য ঘোষণা কৰি কৈছিল, প্ৰৱাসী অসমীয়াসকলে ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ অৰ্থে এই কেন্দ্ৰৰ মাধ্যমেৰে সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি কাৰ্য্যক্ষেত্ৰত আগ বাঢ়িব পাৰিব।

কিন্তু দুটা বছৰ সম্পূৰ্ণ নোহাৱা এই কেন্দ্ৰটোৰ নামত এতিয়া এখন ফলক ওলমি থকাৰ বাদে একো নাই।

২০১৮ চনৰ ফেব্ৰুৱাৰি মাহত অসমত অনুষ্ঠিত ‘এডভান্টেইজ আছাম’ নামৰ বিনিয়োগ মেলাৰ পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে গ্ৰেইট বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চিংগাপুৰকে ধৰি কেইবাখনো দেশত প্ৰচাৰ চলোৱাৰ লগতে তাত থকা অসমীয়াসকলৰ সৈতে বৈঠকতো মিলিত হৈছিল। লগতে অসমৰ মন্ত্ৰীসকলে প্ৰৱাসী অসমীয়াসকলক অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বাবে অনুৰোধো জনাইছিল।

লগতে পঢ়ক ক’ত হেৰাল মন্ত্ৰী হিমন্ত বিশ্বৰ খাদিৰ সপোন!

কিন্তু চৰকাৰৰ প্ৰৱাসী অসমীয়া কেন্দ্ৰলৈ সঁহাৰি দি আজিলৈ এজনো প্ৰৱাসী অসমীয়াই ৰাজ্যত বিনিয়োগৰ বাবে আগ বাঢ়ি নাহিল।

ৰাধাগোবিন্দ পথৰ এ আই ডি চি চৌহদত এই কেন্দ্ৰটো স্থাপন কৰাৰ সময়ত সেইসময়ৰ এ আই ডি চিৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যকে ধৰি কেইবাজনো বিষয়া ইয়াৰ লগত জড়িত আছিল। ‘এডভাণ্টেইজ আছাম’ৰ ৱেবছাইটতো কেন্দ্ৰটোৰ লগত যোগাযোগৰ বাবে জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰেই দিয়া আছিল।

কিন্তু কেন্দ্ৰটো মুকলি কৰাৰ পাছতেই চৰকাৰী গুৰুত্বৰ অভাৱত ‘কলিতেই মৰহি যোৱা’ৰ দৰে হ’ল। সেই কথা প্ৰকাশ পাইছে আৰম্ভণিৰ সময়ৰ পৰা এই কেন্দ্ৰৰ সৈতে জড়িত এ আই ডি চিৰ এগৰাকী বিষয়াৰ বক্তব্যত।

এ আই ডি চিৰ ডেপুটি জেনেৰেল মেনেজাৰ অমিতাভ শইকীয়াই কেন্দ্ৰটো সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক কয়, “এ আই ডি চি চৌহদত এই কেন্দ্ৰটো স্থাপন হ’ল যদিও ইয়াৰ কাম একো আগ নাবাঢ়িল। যি আশালৈ চৰকাৰে কেন্দ্ৰটো স্থাপন কৰিছিল সেয়া ফলপ্ৰসূ নহ’ল। চৰকাৰৰ তৰফৰ পৰাও যিধৰেণে ইয়াক আগুৱাই নিব লাগিছিল তেনে সঠিক পদক্ষেপ নল’লে। ওপৰৰ পৰা কামখিনি অলপ আগুৱাই দিয়া হ’লে হয়টো আগ বাঢ়ি গ’লহেঁতেন”।

Prabashi Asomiya Kendra
এডভাণ্টেইজ আছামৰ ৱেবছাইটত প্ৰবাসী অসমীয়া কেন্দ্ৰৰ বাবে থকা লিংকড পেইজটো।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে কেন্দ্ৰটোৰ আৰম্ভণিৰ পাছতেই আমেৰিকা আৰু ইউৰোপত থকা কেইগৰাকীমান অসমীয়া ব্যক্তিৰ সৈতে যোগাযোগ হৈছিল যদিও তেওঁলোকৰ ফালৰ পৰা বিশেষ সঁহাৰি পোৱা নগ’ল।

ইপিনে, চৰকাৰে প্ৰৱাসী অসমীয়া কেন্দ্ৰ স্থাপন কৰিলে যদিও ইয়াৰ বিষয়ে জানিবলৈ আজিলৈ প্ৰস্তুত নকৰিলে কোনো ৱেবছাইট। ‘এডভাণ্টেইজ আছাম’ৰ ৱেবছাইটত এটা পেইজ এই কেন্দ্ৰ নামত ৰখা হৈছিল আৰু যোগাযোগৰ বাবে এ আই ডি চিৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰ দিয়া হৈছিল। কিন্তু জেনেৰেল মেনেজাৰ বৈশ্যও কেতিয়াবাই অৱসৰ ল’লে (যদিও এতিয়াও ছাইটত তেওঁৰ ফোন নম্বৰ দেখা গৈছে)। লগতে ‘এডভাণ্টেইজ আছাম’ শেষ হোৱাৰ পাছত সেই ৱেবছাইটো এতিয়া গুৰুত্বহীন হৈ পৰিল।

ইপিনে, কেন্দ্ৰটোৰ বাবে এ আই ডি চিৰেই কেইগৰাকীমান বিষয়াক দায়িত্ব দিয়া হৈছিল, কিন্তু ইমান দিনে ইয়াৰ কোনো স্থায়ী বিষয়া, কৰ্মচাৰী নিয়োগ নহ’ল। যাৰ বাবে এই কেন্দ্ৰৰ যোগেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অসমীয়াসকলৰ সৈতে যোগাযোগৰ ধাৰা এতিয়া আৰু অব্যাহত হৈ থকা নাই।

ইপিনে, কেন্দ্ৰটোৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে দিচপুৰৰ শীৰ্ষ বিষয়াসকল কিমান অৱগত তাতো সন্দেহ আছে। আমি প্ৰথম অৱস্থাত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে কেন্দ্ৰটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলো যদিও বিভাগটোৰ দিচপুৰত থকা বিষয়াসকলে এই বিষয়ে জনাবলৈ অপাৰগতা প্ৰকাশ কৰি এ আই ডি চিত হে যোগাযোগ কৰিবলৈ কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd