NORTHEAST NOW (Assamese)

তিনিখন ৰাজ্যৰ পৰা অহা লোকৰ ওপৰত বিশেষ নজৰ দিবলৈ আহ্বান হিমন্তৰ

May 31, 2020 7:53 pm · কল্পজ্যোতি শইকীয়া
Updated: May 31, 2020 7:57 pm

হঠাৎ কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বৃত্তান্ত সামৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি অসমত ১৫৭ টা পজিটিভ হওঁতে  ৫১ দিন সময় লাগিছিল যদিও ১৫৭ ৰ পৰা ৩৪৬ হ’বলৈ সময় লাগিছিল মাত্ৰ ৪ দিন।

তেওঁ লগতে কয় ‘৩৪৬ ৰ পৰা ৬৪২ হওঁতে সময় লাগিল তিনিদিন সময় লাগিল। ৬৪২ ৰ পৰা ১২১৬ হওঁতে চাৰিদিন সময় লাগিল।‘

ইয়াৰোপৰি, ১৫৭ ৰ পৰা ১২১৬ লৈকে সমাজৰ পৰা পজিটিভ কেচ পোৱা হোৱা নাছিল বুলি সদৰী কৰি মন্ত্ৰীগৰাকীৰ দাবী ‘সকলো কেচেই কোৱাৰেন্টাইন চেন্টাৰৰ পৰা আহিছে।‘

আটাইতকৈ বেছি পজিটিভ কেচ হোজাই জিলাৰ পৰা হৈছে বুলি তেওঁ জানিবলৈ দি লগতে কয় ‘হোজাই জিলাৰ পৰা ১৭৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। গোলাঘাট জিলাত ১৬০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। কামৰূপ মেট্ৰ’ত ১৩৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।‘

ইপিনে, তবলিগী জামাতৰ পৰা ৩৬ টা কেচ পোৱা গৈছে বুলি তেওঁ জনায়।

তেওঁলোকৰ লগত সংস্পৰ্শলৈ অহাৰ ফলত আৰু ৩২ গৰাকী লোক আক্ৰান্ত হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে, তবলিগী জামাতিক বাদ দি যোৱা ৪ মে’ৰ পৰা বাহিৰৰ পৰা অহা ১১২৪ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

‘এই কেচসমূহ আন্তঃৰাজ্যিক পৰিবহণ ব্যৱস্থা মুকলি নকৰাহেঁতেন নাপালোহেঁতেন।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, কোন ৰাজ্যৰ পৰা অহা কিমানসংখ্যক ৰোগীৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ হৈছিল তাৰ এক হিচাপ দাঙি কৰে।

তেওঁ কয় ‘মহাৰাষ্ট্ৰৰ পৰা অহা ৩১২ গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ হৈছে। তামিলনাডুৰ পৰা অহা ৩৩৩ গৰাকী, দিল্লীৰ পৰা অহা ১৩৪ গৰাকীৰ পশ্চিমবংগৰ পৰা অহা ১১১ গৰাকী হাৰিয়ানা ৫৭ গৰাকী আৰু উত্তৰ প্ৰদেশৰ পৰা অহা ৫৭ গৰাকী, ৰাজস্থান ৩১ গৰাকী, কৰ্ণাটকৰ পৰা অহা ২৪ গৰাকী, তেলেংগনাৰ পৰা অহা ২৫ গৰাকী, বিহাৰ ৯, অন্ধ্ৰপ্ৰদেশ ৯ গৰাকী মধ্যপ্ৰদেশৰ পৰা অহা ৪ গৰাকী, ঝাৰখণ্ডৰ পৰা অহা এগৰাকীৰ  দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।‘

ইয়াৰোপৰি, ভাৰতৰ ১৪ খন ৰাজ্যৰ পৰা অহা লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে বুলি তেওঁ জনায়।

তাৎপয্যপূৰ্ণভাৱে তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীৰ পৰা অহা লোকৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কোৱাৰেন্টাইনৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।‘

অৱশ্যে অসমত পজিটিভ হোৱা কেচ মাত্ৰ ২৪ টাহে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি লগতে কয় ‘এইকেইগৰাকীৰ কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই।‘

সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘আজিৰ দিনটোলৈকে মুঠ ১ লাখ টেষ্ট সম্পূৰ্ণ হৈছে। অহা ১৪ জুনৰ ভিতৰত দিনে ১০ হাজাৰকৈ প্ৰায় ২ লাখ টেষ্ট সম্পূৰ্ণ কৰাৰ লক্ষ্য আৰু উদ্দেশ্য লোৱা হৈছে।‘

Related News