• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ বন্ধ হোৱাৰ পথত চৰকাৰী স্কুলৰ স্নাতক শিক্ষকৰ নিযুক্তি; সিদ্ধাৰ্থ ভট্টক আঁতৰাই ৰঞ্জিত দাসক শিক্ষামন্ত্ৰী পাতিব হিমন্তই?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2019 11:21 pm
Teachers-1-990x660

হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক প্ৰতিবাদ। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি সম্প্ৰতি ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকে জিলাসমূহৰ চৰকাৰী প্ৰাদেশিকীকৃত বিদ্যালয় সমূহত স্নাতক শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইতিপূৰ্বে ৰাজ্যৰ হাইস্কুল সমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে বৰ্তমানৰ শাসনাধীন চৰকাৰ তথা তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে টেট পাতিবলৈ ওলাই ন্যায়ালয়ৰ হস্তক্ষেপত মুখথেকেচা খাই থৈছে। এতিয়া পুনৰ স্নাতক শিক্ষক নিযুক্তিৰ বিজ্ঞাপন দি উজুটি খাবৰ পথত উপক্ৰম হৈছে ৰাজ্যখনৰ শিক্ষাবিভাগ।

প্ৰণিধানযোগ্য যে ২০১০ চনত PMA (S) 32/2010/20 dtd 10.6.2010 নটিফিকেচন মৰ্মে মুঠ চাৰিটা বিষয়ৰ বাবে হাইস্কুলসমূহত মেধাৰ ভিত্তিত জিলা উপায়ুক্ত আৰু বিদ্যালয় পৰিদৰ্শকৰ তত্বাৱধানত ঠিকাভিত্তিক শিক্ষকসমূহৰ নিযুক্তি হৈছিল ।

Apply Now

সম্প্ৰতি ৫৯২৪ জন কৰ্মৰত ঠিকাভিত্তিক হাইস্কুল শিক্ষকক নিযুক্তি দিয়া হৈছিল অসম মাধ্যমিক শিক্ষা (প্ৰাদেশিকীকৃত) সেৱা নিয়ম, ২০০৩ মতে। ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰিত তেতিয়াৰ চৰকাৰে এই শিক্ষকসকলৰ চাকৰি কেবিনেট সিদ্ধান্ত মৰ্মে নিয়মীয়া কৰে।

এই সিদ্ধান্ত অনুসৰি ২০১৬ চনৰ ৩ মাৰ্চত শিক্ষা বিভাগে অফিচ মেম’ৰেণ্ডাম আৰু নিযুক্তিৰ নিৰ্দেশ প্ৰকাশ কৰে। কিন্তু হঠাৎ বিধানসভাৰ নিৰ্বাচনৰ কোড অৱ কণ্ডাক্ট লাগু হোৱাৰ বাবে নিযুক্তি পত্ৰ প্ৰদান বন্ধ হৈ যায়।

পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ শাসনলৈ আহে আৰু দলবাগৰা নেতা হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰীৰ দায়িত্ব লৈয়েই কেবিনেট সিদ্ধান্তটো সম্পৰ্কত উচ্চ ন্যায়ালয়ত ৰিভিউ পেটিছন দি ঠিকাভিত্তিক হাইস্কুল শিক্ষকসকলৰ হাতৰ পৰা নিযুক্তি-পত্ৰসমূহ কাঢ়ি নিয়ে।

কংগ্ৰেছৰ দিনৰ দৰে মন্ত্ৰী শৰ্মাই হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’বলৈ নিদিওঁ বুলি নতুন নিযুক্তিৰ বাবে টেট পাতিবলৈ বিজ্ঞাপন প্ৰকাশ কৰে। কিন্তু এইবাৰ আদালতৰ দ্বাৰস্থ হয় ঠিকাভিত্তিক শিক্ষকসকল তেওঁলোকৰ চাকৰি নিয়মীয়া নকৰাকৈ আৰু পূৰ্বৰ চৰকাৰৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰাকৈ টেট পতাটো বন্ধ কৰাৰ আবেদন লৈ। আদালতে টেট পতাৰ ক্ষেত্ৰত এইবাৰ বাধা প্ৰদান কৰে। শেন হৈ উভটি ধৰি ফেঁচাৰ দৰে জুপুকা মাৰিব লগা হৈ শিক্ষামন্ত্ৰীৰ দায়িত্বকেই এৰি এইবাৰ হিমন্ত শৰ্মা আঁতৰি যায় নিজৰ উচ্চাকাংক্ষা পূৰণৰ যুগমীয়া যুদ্ধখনৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ ।
হিমন্ত বিশ্ব শৰ্মা আঁতৰি গ’লেও ৰমেশ চন্দ্ৰ জৈনৰ পৰা আৰম্ভ কৰি বিভাগটোৰ বিষয়া-আমোলা, কেৰেণী-মহৰীলৈ আটাইবোৰ হিমন্তৰ পকেটৰ মানুহ। যাৰ বাবে নতুনকৈ শিক্ষা মন্ত্ৰীৰ দায়িত্ব লৈয়ো বিভাগীয় আমোলা-কৰ্মচাৰী কাৰোৰে পৰায়ে কি সহযোগ, কি সদুপদেশ নাপায় সিদ্ধাৰ্ধ ভট্তাচাৰ্যই।
ফলশ্ৰুতিত জনসাধাৰণৰ বাবে চকুৰ কুটা দাঁতৰ শাল অপদাৰ্থত পৰিণত হৈছে নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্তাচাৰ্য। সমানেই শেহতীয়াকৈ বলি হৈছে নিজৰেই সতীৰ্থ নেতা-মন্ত্ৰীৰ ৰাজনৈতিক পাশা খেলৰো। শাসকীয় দলটোৰ সভাপতি ৰণ্জিত দাসে হিমন্তৰ কূট-কৌশলেৰে উদ্বুদ্ধ হৈ ঠেং দাঙিছে শিক্ষক সমাজক শিক্ষামন্ত্ৰী ভট্তাচাৰ্যৰ বিৰুদ্ধে উচটাই নিজে শিক্ষা মন্ত্ৰী হ’বলৈ ।
শেহতীয়াকৈ শিক্ষা বিভাগে জাৰি কৰা স্নাতক শিক্ষক নিযুক্তিৰ বিজ্ঞাপনৰ বিৰুদ্ধে নিযুক্তি বন্ধ কৰিবলৈ আদালতৰ দ্বাৰস্থ হ’বলৈ পুনৰবাৰ মাৰ বান্ধি সাজু হৈছে দহবছৰে ন্যায়প্ৰাপ্তিৰ বাবে যুঁজি যুঁজিও ভাগৰি নপৰা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকল।
এপিনে যেন সম্পদ-শক্তিৰে শক্তিশালী লংকাৰ ৰাৱণ যেন হিমন্তৰ কূট-কৌশল, আনপিনে ছয়মাহলৈ দৰমহা নোপোৱাকৈয়ো থকা, দহবছৰেই ঠিকাভিত্তিক বনবাস খটা ৰাম আৰু ৰামৰ বানৰ সেনা ঠিকাভিত্তিক শিক্ষকসকল। জয়ী হ’বনে এইখন ৰামায়ণত ৰাম! বুজি পাবনে আইনজ্ঞ সিদ্ধাৰ্থ ভট্তয়ে আইনৰ মেৰপেচত সোমাই পৰা শিক্ষকসকলৰ মৰ্ম আৰু পাবনে সম্ভেদ শুকুনি-সতীৰ্থৰ ষড়যন্ত্ৰৰ!
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰণ্ঞ্জন গগৈৰ তত্বাৱধানত ক্ষিপ্ৰ গতি লাভ কৰিছে আদালতসমূহত বছৰ বছৰ ধৰি পৰি থকা কেছসমূহে । আদালতত চলি থকা ঠিকাভিত্তিক শিক্ষকসকলৰ কেছসমূহৰো ৰায় সোনকালে আহিলেই মুখত চূণ-ছাঁই সানি ল’ব লগা হ’ব পাৰে হিমন্তয়ে, সেই ভাবিয়েই ৰায় অহাৰ পূৰ্বেই নিযুক্তিৰে ভৰাই পেলাব বিচাৰিছে হাইস্কুল শিক্ষকৰ পদসমূহ হিমন্তৰ সেনাপতি ৰমেশ জৈনে। অনুমান কৰা গৈছে, ঠিকাভিত্তিক শিক্ষকসকলে আদালতত চলি থকা কেছসমূহৰ ৰায় নহালৈকে নিযুক্তি বন্ধ ৰখাৰ পুনৰ আবেদন জনালেই স্তব্ধ হৈ যাব পুনৰবাৰ এই নিযুক্তিৰ যো-জা।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd