অসমৰ নৱ প্ৰজন্মক জাতীয় উৎসৱ বিহুৰ বিষয়ে অধিক জ্ঞান আহৰণৰ সুবিধা প্ৰদান কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিহুক অসমৰ বিদ্যায়তনিক পাঠ্যক্ৰমত নতুন বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ যো-জা চলাইছে।
শনিবাৰে শিক্ষা সংসদৰ কাৰ্য্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৰ গৱেষক সকলৰ লগত অনু্ষ্ঠিত হোৱা কৰ্মশালা আৰু পৰ্য্যালোচনাৰ পাছত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আগন্তুক বৰ্ষৰ পৰা বিহুক ঐচ্ছিক বিষয় হিচাপে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে।
শিক্ষা সংসদৰ পৰা জনোৱা অনুসৰি সম্পূৰ্ণ বিষয় হিচাপে অন্তৰ্ভূক্ত হ’বলগীয়া বিহুৰ প্ৰশ্নকাকতত অইন বিষয়ৰ প্ৰশ্নকাকতৰ দৰে ১০০ নম্বৰৰ প্ৰশ্ন থাকিব। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলে অসমৰ জাতীয় জীৱনৰ অভিন্ন অংগ বিহু সম্বন্ধে বিতংকৈ অধ্যয়ণ কৰিব পাৰিব। সাংসদে নতুনকৈ অন্তৰ্ভুক্ত কৰিবখোজা বিষয় বিহু সম্বন্ধে পাঠ্যপুথি প্ৰকাশৰ বাবেও বিশেষ ভাবে উদ্যোগ গ্ৰহন কৰিব।
আনহাতে, কৰ্মশালাখনত অসমৰ সাত বিহু উদযাপন সমিতিয়ে সাত দিনৰ ভিতৰত ৰঙালী বিহু শেষ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ বাবে সংসদক পৰামৰ্শ দিয়ে। সমিতিৰ পৰামৰ্শ অনুসৰি শিক্ষা সংসদে নতুন পাঠ্যক্ৰমৰ মাধ্যমেৰে ৰাইজক সাত দিনৰ ভিতৰত ৰঙালী বিহু শেষ কৰাৰ বাবে আহ্বান জনাব বুলি উল্লেখ কৰে।