NORTHEAST NOW (Assamese)

‘ইণ্ডিয়া টুডে’ৰ উৎকৃষ্টতাৰ বঁটা গ্ৰহণ কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

November 23, 2018 8:15 am · এন ই নাও নিউজ
নতুন দিল্লীত বহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা 'ইণ্ডিয়া টুডে'ৰ পৰা উৎকৃষ্টতাৰ বঁটা গ্ৰহণ কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

বৃহৎ ৰাজ্যৰ দিশে উন্নতি কৰা ৰাজ্য হিচাপে সন্মানিত কৰা হৈছে অসমক। নতুন দিল্লীত বৃহস্পতিবাৰে ‘ইণ্ডিয়া টুডে’ সংবাদ আলোচনী গোষ্ঠীয়ে সামগ্ৰিক পাৰদৰ্শিতা, অৰ্থনীতি আৰু স্বাস্থ্য ক্ষেত্ৰত অসমে প্ৰদৰ্শন কৰা উৎকৰ্ষতাৰ বাবে এই স্বীকৃতি প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত ষ্টেট অব্‌ দ্য ষ্টেটছ কনক্লেভ নামৰ অনুষ্ঠানটোত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৎকৃষ্টতাৰ এই বঁটা গ্ৰহণ কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত গুজৰাট, তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰীও উপস্থিতি থাকে। ইপিনে, বঁটা গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা সহযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নত অধিক গুৰুত্ব দিয়া বুলি মন্তৱ্য কৰি ইয়াৰ বাবে অঞ্চলটোৰ এতিয়া দেশৰ অন্য প্ৰান্তৰ সৈতে সকলো ধৰণৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱা বুলি ব্যক্ত কৰে।

অসম চৰকাৰে প্ৰথমৰে পৰাই ৰাজ্যখনক দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াত গুৰুত্ব দিয়াৰ কথাও প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনত দুৰ্নীতি ৰোধৰ বাবে কাম কৰি অহাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে ইণ্ডিয়া টুডেই এই বঁটা দেশৰ ৰাজ্যসমূহৰ মাজত এক অধ্যয়নৰ জৰিয়তে অৰ্থনীতি, কৃষি, শিক্ষা, স্বাস্থ্য সেৱা, আন্তঃগাঁথনি, উন্নয়ন, আইন-শৃংখলা, পৰিৱেশ, স্বচ্ছতা, প্ৰশাসন আদিৰ ক্ষেত্ৰত সমীক্ষাৰ জৰিয়তে বাছনি কৰি প্ৰতি বছৰে আগবঢ়াই আহিছে।

Related News