DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ইণ্ডিয়া টুডে’ৰ উৎকৃষ্টতাৰ বঁটা গ্ৰহণ কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 8:15 am
CM-750x375

নতুন দিল্লীত বহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা 'ইণ্ডিয়া টুডে'ৰ পৰা উৎকৃষ্টতাৰ বঁটা গ্ৰহণ কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

275
VIEWS
Share on FacebookShare on Twitter

বৃহৎ ৰাজ্যৰ দিশে উন্নতি কৰা ৰাজ্য হিচাপে সন্মানিত কৰা হৈছে অসমক। নতুন দিল্লীত বৃহস্পতিবাৰে ‘ইণ্ডিয়া টুডে’ সংবাদ আলোচনী গোষ্ঠীয়ে সামগ্ৰিক পাৰদৰ্শিতা, অৰ্থনীতি আৰু স্বাস্থ্য ক্ষেত্ৰত অসমে প্ৰদৰ্শন কৰা উৎকৰ্ষতাৰ বাবে এই স্বীকৃতি প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত ষ্টেট অব্‌ দ্য ষ্টেটছ কনক্লেভ নামৰ অনুষ্ঠানটোত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৎকৃষ্টতাৰ এই বঁটা গ্ৰহণ কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত গুজৰাট, তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰীও উপস্থিতি থাকে। ইপিনে, বঁটা গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা সহযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নত অধিক গুৰুত্ব দিয়া বুলি মন্তৱ্য কৰি ইয়াৰ বাবে অঞ্চলটোৰ এতিয়া দেশৰ অন্য প্ৰান্তৰ সৈতে সকলো ধৰণৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱা বুলি ব্যক্ত কৰে।

অসম চৰকাৰে প্ৰথমৰে পৰাই ৰাজ্যখনক দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াত গুৰুত্ব দিয়াৰ কথাও প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনত দুৰ্নীতি ৰোধৰ বাবে কাম কৰি অহাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে ইণ্ডিয়া টুডেই এই বঁটা দেশৰ ৰাজ্যসমূহৰ মাজত এক অধ্যয়নৰ জৰিয়তে অৰ্থনীতি, কৃষি, শিক্ষা, স্বাস্থ্য সেৱা, আন্তঃগাঁথনি, উন্নয়ন, আইন-শৃংখলা, পৰিৱেশ, স্বচ্ছতা, প্ৰশাসন আদিৰ ক্ষেত্ৰত সমীক্ষাৰ জৰিয়তে বাছনি কৰি প্ৰতি বছৰে আগবঢ়াই আহিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd