ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ৯ শিক্ষাৰ্থীয়ে স্থান দখলেৰে নাম উজ্বলালে যোৰহাটৰ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ২৫ মে’ত ঘোষণা কৰা ফলাফলত উচ্চতৰ মাধ্যমিকৰ ৩ টা শাখাত স্থান দখলৰ ক্ষেত্ৰত কামৰূপ মহানগৰ আৰু নগাঁৱৰ পিছতে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ শিক্ষাৰ্থীসকলে।

শনিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি বিজ্ঞান শাখাত জিলাখনৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ইমদাদুল হুছেইনে মুঠ ৪৭২ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰবিলৈ সক্ষম হয়। বিপৰীতে প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজৰ ঋদ্ধিমান শৰ্মাই মুঠ ৪৭১ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰে। একেখন কলেজৰে সুকন্যা ফুকনে মুঠ ৪৭০ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰবিলৈ সক্ষম হয়।

ইফালে কলাশাখাত প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ কৌশিক কছাৰীয়ে মুঠ ৪৭৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰবিলৈ সক্ষম হয়। ক্ৰিছেণ্ট একাডেমিৰ কন্যাশ্ৰী ভগৱতীয়ে ৪৭৪ নম্বৰ লাভ কৰি তৃতীয় স্থান, একেখন কলেজৰে শতাব্দী শইকীয়াই মুঠ ৪৬৯ লম্বৰ লাভ কৰি ষষ্ঠ স্থান আৰু সমিন চুলতানে মুঠ ৪৬৮ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়। আনহাতে প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অংশুমান গগৈয়ে মুঠ ৪৬৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰে।

ইফালে বাণিজ্য শাখাত ক্ৰিছেণ্ট একাডেমিৰ নিবেদিতা গগৈয়ে মুঠ ৪৬৮ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।