NORTHEAST NOW (Assamese)

দৰঙত বৃহৎ পৰিমাণৰ অবৈধ চেগুণ গছৰ কুন্দা জব্দ

April 19, 2020 11:39 am · ময়ূখ গোস্বামী

ল’কডাউনৰ সুযোগ লৈ দৰঙৰ বিভিন্ন ভিতৰুৱা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে অবৈধভাৱে গছ-গছনি কাতি বনাঞ্চল ধ্বংসত নামি পৰিছে।

শনিবাৰে মঙলদৈ ফৰেষ্ট বীট অফিচৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত এক বিশেষ অভিযোগৰ ভিত্তিত অভিযান চলাই পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঐতিসাহিক ৰজা পুখুৰীৰ পাৰত কেইবাটাও মূল্যৱান চেগুণ কাঠৰ কুন্দা উদ্ধাৰ কৰে।

জব্দ কৰা কাঠৰ কুন্দা সমূহৰ বজাৰ মূল্য প্ৰায় ৫০,০০০ টকা হ’ব বুলি জানিবলৈ দি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই উক্ত কুন্দাসমূহ পিছত খাৰুপেটিয়াত থকা বন বিভাগৰ গুদামলৈ লৈ অনা হয় বুলি নৰ্থ-ইষ্ট নাওৰ আগত কয়।

আনহাতে এই সম্পৰ্কত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও অতি সোনকালে ইয়াত জড়িত সকলক বিচাৰি উলিয়াবলৈ বন বিভাগে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Related News