NORTHEAST NOW (Assamese)

বৰপেটাত চৰকাৰী সাহায্যৰ চাউল বাংলাদেশলৈ চালানেৰে ৰমৰমীয়া বেহা; প্ৰশাসনক সকীয়নি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

February 19, 2019 9:09 pm · আনিছুজ জামান
Updated: February 19, 2019 9:54 pm
বৰপেটাত জব্দ হোৱা চোৰাং চাউলৰ আলোকচিত্ৰ

বৰপেটা জিলাৰ বিভিন্ন স্থানত বিগত কিছুদিন ধৰি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছ)ৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে আবণ্টিত চাউল একাংশ সমবায় সমিতিৰ কৰ্মচাৰীয়ে চোৰাং ব্যৱসায়ীৰ লগত মিলি বাংলাদেশলৈ চালান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথ আৰু সাধাৰণ সম্পাদক মৃগেন কলিতাই ইতিমধ্যে অভিযোগ দাখিল কৰি জিলা উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে বিগত ২৮ জানুৱাৰি তাৰিখে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু স্থানীয় ৰাইজৰ সহযোগত এ এছ -১৫ এ ছি ১১৪৩ নম্বৰৰ এখন ব’লেৰো পিকআপ ভেনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল খন্দকাৰপাৰা বজাৰৰ পৰা গুৱাহাটীলৈ লৈ গৈ থকা অৱস্থাত জব্দ কৰা হয়।

দলটোৱে জব্দ হোৱা চাউলখিনি হাউলী আৰক্ষী চকীত চমজাই দি ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ হাতত এখন এজাহাৰ দাখিল কৰিছিল যদিও প্ৰসাশনে চোৰাং চাউল ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ উঠিছে ছাত্ৰ সংগঠনটো।

আনহাতে, দৰিদ্ৰ জনতাৰ মুখৰ পৰা ভাত কাঢ়ি প্ৰশাসনৰ সহযোগত অবৈধভাবে চলাই থকা চৰকাৰী চাউলৰ বেহা শীঘ্ৰে বন্ধ নকৰিলে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ  হুংকাৰ দিয়ে।

Related News