অহা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৪২ জনীয়া প্ৰাৰ্থীৰ এখন চূড়ান্ত তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
প্ৰকাশিত এই তালিকাত কেইবাজনো হেভিৱেট নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত যোৰহাটৰ পৰা গৌৰৱ গগৈ, বৰচলাৰ পৰা ৰিপুণ বৰা, চামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সহযোগী তানজিল হুছেইন আৰু নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়াৰ নাম বিশেষভাৱে উল্লেখনীয়। উজনি অসমৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহত দলটোৱে নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে এই পৰিচিত মুখসমূহৰ ওপৰত ভৰসা কৰিছে। একেদৰে মধ্য আৰু নামনি অসমত ক্ৰমে দিছপুৰৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী, নলবাৰীৰ পৰা অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰীৰ পৰা দিগন্ত বৰ্মন আৰু কমলপুৰৰ পৰা সত্যব্ৰত কলিতাৰ দৰে প্ৰাৰ্থীক প্ৰক্ষেপ কৰি কংগ্ৰেছে নিজৰ পৰম্পৰাগত ভোট বেংক উদ্ধাৰৰ চেষ্টা চলাইছে।
সংৰক্ষিত সমষ্টিসমূহৰ ক্ষেত্ৰতো কংগ্ৰেছে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বকো-ছয়গাঁৱত ৰমেন সিং ৰাভা, জোনাইত ৰাজ কুমাৰ মেদক, মাজুলীত ইন্দ্ৰনীল পেগু, বোকাজানত ৰতন ইংতি আৰু ৰংখাঙত আগষ্টিন ইংহীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিত মহানন্দ চৰকাৰ আৰু ৰামকৃষ্ণ নগৰত সুৰুচি ৰায়ক প্ৰক্ষেপ কৰা হৈছে। বৰাক উপত্যকাতো দলটোৱে সম্পূৰ্ণ শক্তিৰে যুঁজিবলৈ সাজু হৈছে। ইয়াৰ বাবে উদাৰবন্দৰ পৰা অজিত সিং, শিলচৰৰ পৰা অভিজিৎ পাল, সোণাইৰ পৰা আমিনুল হক লস্কৰ আৰু কৰিমগঞ্জ উত্তৰৰ পৰা জাকৰিয়া আহমেদক মনোনয়ন দিয়া হৈছে।
হাজো-শুৱালকুছিৰ পৰা নন্দিতা দাস, দিছপুৰৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী, টীয়কৰ পৰা পল্লৱী শইকীয়া গগৈ, নাহৰকটীয়াৰ পৰা প্ৰণতি ফুকন আৰু ৰামকৃষ্ণ নগৰৰ পৰা সুৰুচি ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। পুৰণি অভিজ্ঞ নেতা আৰু নতুন মুখৰ এই সংমিশ্ৰণে কংগ্ৰেছ দলটোক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ স্বাক্ষৰিত এই তালিকাখনে এতিয়া উজনিৰ পৰা নামনিলৈ আৰু বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে নিৰ্বাচনী গৰমৰ সৃষ্টি কৰিছে।





