• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত বিদ্যুৎ তাঁৰত লাগি দুজনীকৈ মাইকী হাতীৰ মৃত্যু!

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , November 1, 2019 9:12 pm

2 min read

ডিব্ৰুগড়ত বিদ্যুৎ তাঁৰত লাগি দুজনীকৈ মাইকী হাতীৰ মৃত্যু!
633
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ পৰা ২২ কি. মি. দূৰত মধুপুৰ অঞ্চলৰ চেচা নগাঁও নামৰ এখন গাঁৱত ধাননীৰ মাজত আজি দুজনীকৈ মাইকী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।

স্থানীয় ৰাইজে মৃত হাতী দুজনী দেখা পাই বন বিভাগক অৱগত কৰাত বন বিভাগ আৰু পশু চিকিৎসকৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়হি।

ইয়াৰ পিছতে মৃত হাতী দুটাৰ শৰীৰৰ মুখ্য অংশ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে খেতি পথাৰত লগোৱা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈয়ে হাতী দুজনী মৰা বুলি বন বিভাগৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

মৃত হাতী দুজনী দিহিং মেডেলা বন সংমণ্ডলৰ সমীপৰ ৪০-৩৫ জনীয়া হাতীৰ জাকৰ মাজৰে আছিল। আৰু হাতীৰ জাকটোৱে অঞ্চলটোত খেতি পথাৰকে ধৰি বহুতো অনিষ্ট কৰি আহিছিল বুলি জানিব পৰা গৈছে।

আন সূত্ৰে জানিব পৰা মতে অঞ্চলটোত বৈদ্যুতিক তাঁৰত পূৰ্বতেও কেইবাটাও হাতীৰ মৃত্যু হৈছিল।

আনহাতে বন বিভাগে এই বিষয়ত বহু গোচৰ ৰুজু কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে।

‘মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত হাতী দুজনীৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। মৃত হাতী দুজনীৰ গাত কোনো ধৰণৰ গাত আঘাতৰ চিন নাই গতিকে হাতী দুজনী বিদ্যুৎস্পৃষ্ট হৈ বা খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাটো নুই কৰিব নোৱাৰি।’ ডিব্ৰুগড়ৰ বন বিভাগৰ বিষয়া নৰেশ্বৰ দাসে কয়।

লগতে বন বিভাগৰ বিষয়া গৰাকীয়ে কয়, ‘যদি হাতী দুজনী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিছে তেন্তে আমি দুৰ্বৃত্তৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আমি এই বিষয়ত ঘটনাস্থলী পৰিদৰ্শন কৰি স্থানীয় লোকক সোধা-পোছা কৰিছো।’

ঘটনা সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd