• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদায় ২০১৮’ : অসমে হেৰুৱালে সাংস্কৃতিক জগতৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 3:53 pm
Du7nz7sU0AA_aW_
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮’বৰ্ষক বিদায় দিয়াৰ সময় সমাগত। আশাৰ বতৰা লৈ আমাৰ সন্মুখত পুনৰ আহি উপস্থিত হৈছেহি আৰু এটি নৱবৰ্ষ। এই মুহূৰ্তত আমি সাধাৰণতে উভতি চাও বিগত বৰ্ষত আমি কি পালো কি হেৰুৱালো। পোৱাৰ আনন্দ অৱশ্যেই আছে, কিন্তু হেৰুওৱাৰ বেদনাক উপলব্ধি কৰি অসমৰ সাংস্কৃতিক জগত উকা কৰি আমাৰ মাজৰ পৰা আঁতৰি যোৱা সেই মহান ব্যক্তিসকলক বৰ্ষান্তত এবাৰ সুঁৱৰিব খুজিছো।

বিদায়ী বৰ্ষত আমাৰ মাজৰ পৰা আঁতৰি যোৱা সাংস্কৃতিক জগতৰ ব্যক্তি সকলৰ অন্যতম আছিল নাট্যকাৰ, চিত্ৰনাট্যকাৰ তথা পৰিচালক মুনীন বৰুৱা। অসমীয়া বাণিজ্যিক চলচ্চিত্ৰৰ এগৰাকী সফল পৰিচালক হিচাপে পৰিচিত মুনীন বৰুৱাৰ ২০১৮ বৰ্ষৰ এপ্ৰিল মাহৰ ৭ তাৰিখে গুৱাহাটীৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ।

Apply Now

চলচ্চিত্ৰ নিৰ্মাতা তপোব্ৰত বৰুৱাৰ মৃত্যুও বিগত বৰ্ষৰ আন এক বেদনাদায়ক ঘটনা। ৮০’ৰ দশকত অসমীয়া ছবি ‘বোৱাৰী’ৰ পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰৰ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বৰুৱাৰ বিদায়ী বৰ্ষৰ ২০ মাৰ্চত নতুন দিল্লীৰ মুলচান্দ হাস্পাতলত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে বৰুৱাৰ পত্নী মৃদুলা বৰুৱা অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী।

প্ৰায় পঞ্চাশখনতকৈয়ো অধিক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা অভিনেতা গুণ মহন্তৰ ২০১৮ বৰ্ষৰ ২৭ আগষ্টত নগাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মহন্তই অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে ‘ৰণাংগিনী’, ‘শেষ উপহাৰ’, ‘প্ৰেম আৰু প্ৰেম’, ‘মৰম নদীৰ গাভৰু ঘাট’, ‘মাঘত মামনিৰ বিয়া’ আদি।

উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত লক্ষ্যধৰ চৌধুৰী ৰচিত ‘আলিবাবা’ নাটকত এটি শিশু অভিনেতাৰ চৰিত্ৰত অভিনয়েৰে অভিনয় জীৱনৰ পাতনি মেলা প্ৰসিদ্ধ অভিনেতা বাদল দাসৰ যোৱা আগষ্ট মাহৰ ১১ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। বাদল দাসে তেওঁৰ জীৱনকালত দুশখনতকৈয়ো অধিক নাটকত অভিনয় কৰি গৈছে।

২০১৮ বৰ্ষতে আমি হেৰুৱালো প্ৰখ্যাত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাক। মাত্ৰ ৪১ বছৰ বয়সত যোৱা ৮ জুন তাৰিখে ৰাভাৰ পৰলোকপ্ৰাপ্তি ঘটে। মুকলি আকাশৰ তলত থিয়েটাৰ মহোৎসৱ পাতি ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা ৰাভাই গোৱালপাৰাৰ ৰাভা ভাষা –সংস্কৃতিৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ লগতে থিয়েটাৰৰ জৰিয়তে পৰিৱেশ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছিল। ১৯৯৮ চনত বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠাৰে পৰীক্ষামূলক নাট উপস্থাপনাৰে শুক্ৰাচাৰ্য ৰাভাই নাট্য আন্দোলনক এক নতুন মাত্ৰা আনি দিছিল।

বিদায়ী বৰ্ষৰ আন এক বেদনাগধূৰ ঘটনা হিচাপে উল্লেখ কৰিব লাগিব অসমৰ কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ দেহাৱসান। যোৱা ২১ ডিচেম্বৰত ৭৭ বছৰ বয়সত মৃত্যুবৰণ কৰা দিপালী বৰঠাকুৰ গীতত অসমৰ মাটি-পানী-বায়ুৰ গোন্ধ অতি সাৱলীল ৰূপত প্ৰৱহমান হৈ আছে। ‘সোণৰ খাৰু নেলাগে মোক’, ‘চেনাই মই যাওঁ দেই’, ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’, আদি গীতৰ মাজেৰে শিল্পীগৰাকী অসমীয়া সংগীতৰ শ্ৰোতাৰ মাজত চিৰকাল সাঁচ বহুৱাই যাব।

এই স্বনামধন্য ব্যক্তিসকলৰ উপৰি বিদায়ী বৰ্ষতে অসমে হেৰুৱালে আন কেইবাগৰাকীও স্ব-প্ৰতিভাৰে প্ৰোজ্বল ব্যক্তিক। তেওঁলোকৰ ভিতৰত আছে চলচ্চিত্ৰ নিৰ্মাতা অমৰেন্দ্ৰ বৰদলৈ, ‘দুৰ্জন’ৰ অভিনেতা, প্ৰযোজক-পৰিচালক গুনীন বসুমতাৰী, চিত্ৰনাট্যকাৰ মানিক বৰা, বিশিষ্ট অভিনেতা প্ৰসন্ন গোস্বামী, সংগীতজ্ঞ তৌহিদুৰ ৰহমান(নাজু), চলচ্চিত্ৰ পৰিবেশক চি এছ নাৰায়ন।

আনহাতে, এই বৰ্ষতে আমাৰ মাজৰ পৰা হেৰাই গ’ল চলচ্চিত্ৰ সমালোচক ৰেজেক আলী আহমেদ, নাট্যকাৰ গিয়াছুদ্দিন আহমেদৰ লগতে সংগীত শিল্পী বাবুল নাগ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd