দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ

আজি ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত চলি থকা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ দল। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটে কয়, ‘দ্বিতীয় পৰ্য্যায়ৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে’।

বৰাক উপত্যকাৰ দুয়োখন আসনেই কংগ্ৰেছে পাব বুলি দাবী কৰি ৰাৱটে লগতে কয়, ‘ডিফুত বহুকেইটা বাওঁপন্থী সংগঠন আৰু অন্যান্য সংগঠনে কংগ্ৰেছক সমৰ্থন দিছে। গতিকে ডিফু সমষ্টিক লৈ আমি আশা কৰিব পাৰিছো।’

কংগ্ৰেছ শাসনলৈ আহিলে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ লগতে দলটোৱে ভৱিষ্যতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি তেওঁ কয়।

আনহাতে বিজেপি আৰু অগপৰ পৰাজয় অসম চুক্তিৰ জয় বুলি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে মন্তব্য কৰে।

এই সন্দৰ্ভত তেওঁ কয়, ‘অগপ-বিজেপিৰ কেনেধৰণৰ মিত্ৰতা? বিজেপিয়ে অসম চুক্তিৰ বিৰোধিতা কৰে আৰু অগপই তেওঁলোকক সমৰ্থন কৰে। আমিও অসম আন্দোলনৰ বিৰোধিতা কৰিছিলো কিন্তু পাছত আমিয়েই অসম চুক্তি স্বাক্ষৰ কৰিছিলো।’

কোকৰাঝাৰ ধুবুৰী আৰু বৰপেটাত কাৰোৰে লগত কংগ্ৰেছৰ কোনো মিত্ৰতা নাই বুলি উল্লেখ কৰি ৰাৱটে এইবাৰৰ নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিৰ বিৰোধীসকলক কংগ্ৰেছক সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনায়।