• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 3:07 pm
195
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰু আৰক্ষীয়ে তেওঁৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি জাবৰৰ গাড়ীত পেলোৱাৰ অভিযোগত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে এখন জাবৰ ট্ৰাকত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ব্ৰুহাট বেংগালুৰু মহানগৰৰ অধীনস্থ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

মৃতদেহটো বেগত ভৰাই চান্নামনাকেৰে স্কেটিং গ্ৰাউণ্ডৰ ওচৰত ট্ৰাকৰ পিছফালৰ অংশত ৰখা হৈছিল। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে এক বৃহৎ ৰহস্য উন্মোচন কৰিছে।

সূত্ৰ অনুসৰি দেওবাৰে পুৱা জাবৰ পেলাবলৈ অহা স্থানীয় এজন বাসিন্দাই প্ৰথমে বেগটো দেখিছিল। সন্দেহ ওপজাত তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি বেগটো খুলি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে গম পায় যে পুৱা ১ বজাৰ পৰা ৩ বজালৈ অটোৰিক্সাত এজন লোক আহি বেগটো জাবৰ গাড়ীখনত পেলাই দিয়ে। পিছত বেগটো খুলি হাত-ভৰি বান্ধি থোৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে হত্যাৰ গোচৰ ৰুজু হৈ প্ৰকৃত ঘটনা পোহৰলৈ আহে।

ঘটনাৰ ২০ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছামছুদ্দিন নামৰ লোকজনক। আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলাগৰাকীৰ নাম আশা। দুবছৰ ধৰি অভিযুক্ত ছামছুদ্দিনৰ সৈতে লিভ ইন ৰিলেচনত আছিল। এটা সংগঠনত কাম কৰি থাকোঁতে দুয়োৰে চিনাকি হৈছিল।

প্ৰাথমিক তদন্ত অনুসৰি আশাৰ মদ্যপানৰ অভ্যাস আৰু গভীৰ নিশা ফোনত কথা পতাৰ বাবে দম্পতীহালে অহৰহ অশান্তিত থকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ঘটনাৰ দিনটোতো দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হৈছিল। যেতিয়া এই অশান্তি তুংগত উঠিল, তেতিয়া আশাক ছামছুদ্দিনে ডিঙি চেপি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। তাৰ পাছত আশাৰ মৃতদেহটো বেগত ভৰাই জাবৰৰ গাড়ী এখনত পেলাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আশা এগৰাকী বিধৱা আছিল। দুটা সন্তানৰ মাতৃ। আনহাতে ছামছুদ্দিন বিবাহিত। তেওঁৰ সন্তান দুটা অসমত থাকে। তেওঁ আশাৰ সৈতে বেংগালুৰুৰ হুলিমাভুটৰ এটা ঘৰত বাস কৰিছিল। সেইদিনা হত্যাকাণ্ডৰ পিছত ছামছুদ্দিনে আশাৰ মৃতদেহ এখন বাইকত আনি এখন জাবৰৰ গাড়ীত পেলাই পলায়ন কৰে বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। উল্লেখ্য যে কেইসপ্তাহমানৰ আগতেও বেংগালুৰুত ৩৩ বছৰীয়া এগৰাকী বিবাহিতা মহিলাৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। দুটি সন্তানৰ মাতৃ মহিলাগৰাকীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পৰা জানিব পাৰিছে যে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবেই মহিলাগৰাকীক হত্যা কৰা হৈছিল।

Recent News

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd