• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 3:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰু আৰক্ষীয়ে তেওঁৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি জাবৰৰ গাড়ীত পেলোৱাৰ অভিযোগত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে এখন জাবৰ ট্ৰাকত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ব্ৰুহাট বেংগালুৰু মহানগৰৰ অধীনস্থ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

মৃতদেহটো বেগত ভৰাই চান্নামনাকেৰে স্কেটিং গ্ৰাউণ্ডৰ ওচৰত ট্ৰাকৰ পিছফালৰ অংশত ৰখা হৈছিল। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে এক বৃহৎ ৰহস্য উন্মোচন কৰিছে।

Apply Now

সূত্ৰ অনুসৰি দেওবাৰে পুৱা জাবৰ পেলাবলৈ অহা স্থানীয় এজন বাসিন্দাই প্ৰথমে বেগটো দেখিছিল। সন্দেহ ওপজাত তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি বেগটো খুলি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে গম পায় যে পুৱা ১ বজাৰ পৰা ৩ বজালৈ অটোৰিক্সাত এজন লোক আহি বেগটো জাবৰ গাড়ীখনত পেলাই দিয়ে। পিছত বেগটো খুলি হাত-ভৰি বান্ধি থোৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে হত্যাৰ গোচৰ ৰুজু হৈ প্ৰকৃত ঘটনা পোহৰলৈ আহে।

ঘটনাৰ ২০ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছামছুদ্দিন নামৰ লোকজনক। আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলাগৰাকীৰ নাম আশা। দুবছৰ ধৰি অভিযুক্ত ছামছুদ্দিনৰ সৈতে লিভ ইন ৰিলেচনত আছিল। এটা সংগঠনত কাম কৰি থাকোঁতে দুয়োৰে চিনাকি হৈছিল।

প্ৰাথমিক তদন্ত অনুসৰি আশাৰ মদ্যপানৰ অভ্যাস আৰু গভীৰ নিশা ফোনত কথা পতাৰ বাবে দম্পতীহালে অহৰহ অশান্তিত থকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ঘটনাৰ দিনটোতো দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হৈছিল। যেতিয়া এই অশান্তি তুংগত উঠিল, তেতিয়া আশাক ছামছুদ্দিনে ডিঙি চেপি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। তাৰ পাছত আশাৰ মৃতদেহটো বেগত ভৰাই জাবৰৰ গাড়ী এখনত পেলাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আশা এগৰাকী বিধৱা আছিল। দুটা সন্তানৰ মাতৃ। আনহাতে ছামছুদ্দিন বিবাহিত। তেওঁৰ সন্তান দুটা অসমত থাকে। তেওঁ আশাৰ সৈতে বেংগালুৰুৰ হুলিমাভুটৰ এটা ঘৰত বাস কৰিছিল। সেইদিনা হত্যাকাণ্ডৰ পিছত ছামছুদ্দিনে আশাৰ মৃতদেহ এখন বাইকত আনি এখন জাবৰৰ গাড়ীত পেলাই পলায়ন কৰে বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। উল্লেখ্য যে কেইসপ্তাহমানৰ আগতেও বেংগালুৰুত ৩৩ বছৰীয়া এগৰাকী বিবাহিতা মহিলাৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। দুটি সন্তানৰ মাতৃ মহিলাগৰাকীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পৰা জানিব পাৰিছে যে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবেই মহিলাগৰাকীক হত্যা কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd