• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চহিদ-নিৰ্য্যাতিতৰ পৰিয়ালৰ সদস্যৰ সংস্থাপনক লৈ ল’ৰা-ধেমালিৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে

৩১ ডিচেম্বৰলৈকে সময়সীমা, অন্যথা পেটত গামোচা বান্ধি আমৰণ অনশনত বহিব চহিদ-নিৰ্য্যাতিতৰ পৰিয়াল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 13, 2019 8:53 pm
Press Meet Assam Martyrs-Victims' Family Council

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম চহিদ-নিৰ্য্যাতিত পৰিয়াল পৰিষদৰ সংবাদমেল। ১৩ অক্টোবৰত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চহিদ-নিৰ্য্যাতিতৰ পৰিয়ালক লৈ মুখ্য মন্ত্ৰী আৰু অসম চুক্তি ৰূপায়ণ বিভাগে ল’ৰা-ধেমালি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম চহিদ-নিৰ্য্যাতিত পৰিয়াল পৰিষদে।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি পৰিষদে অসম আন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিতৰ পৰিয়ালৰ সদস্যক সংস্থাপন আৰু নিযুক্তিৰ নামত চৰকাৰে চৰম হেমাহি কৰা বুলি অভিযোগ তোলে।

Apply Now

“চহিদ-নিৰ্য্যাতিতৰ পৰিয়ালৰ সদস্যক কৰ্মসংস্থাপন, স্থায়ী নিযুক্তি দিয়াৰ ক্ষেত্ৰত অসম চুক্তি ৰূপায়ণ বিভাগে চৰম হেমাহি কৰিছে। আমাৰ ভৱিষ্যতক লৈ তেওঁলোকে ল’ৰা-ধেমালি কৰিছে আৰু দেখিও নেদেখা ভাও ধৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিমাত হৈ আছে”, পৰিষদৰ মুখ্য সম্পাদক মাণিক চন্দ্ৰ দেৱনাথে কয়।

অসম চুক্তি ৰূপায়ণ বিভাগে ২০১৪ চনৰ পৰা বৰ্তমানলৈকে কেনেদৰে অৱহেলা কৰি আছে তাৰ বৰ্ণনা কৰি তেওঁ কয়, “২০১৪ চনৰ ১৮ ফেব্ৰুৱাৰিত সেই সময়ৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিভাগটোৱে চহিদ-নিৰ্য্যাতিত পৰিয়ালৰ উত্তৰাধিকাৰীক কৰ্মসংস্থাপন দিব বুলি Govt letter-1AA-65/2012/164 যোগে সকলো জিলাৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল, য’ত চহিদ পৰিয়ালৰ উত্তৰাধিকাৰীৰ নাম সংগ্ৰহৰ বাবে কোৱা হৈছিল।”

তেওঁ লগতে কয়, “চহিদ-নিৰ্য্যাতিতৰ পৰিয়ালৰ কৰ্ম সংস্থাপন সন্দৰ্ভত ২০১৫ চনত সেই সময়ৰ বিধায়ক যাদৱ চন্দ্ৰ ডেকাই প্ৰশ্ন কৰাত তদানীন্তন অসম চুক্তি ৰূপায়ণ মন্ত্ৰী ভূমিধৰ বৰ্মনে উত্তৰত ৰাজ্য চৰকাৰৰ অধীনৰ ২১টা বিভাগত মুঠ ৫১৯জন চহিদ-নিৰ্য্যাতিতৰ পৰিয়ালৰ সদস্যক নিযুক্তি দিয়া আৰু ৮৯০জনক নিযুক্তি দিবলৈ বাকী আছিল বুলি উল্লেখ কৰিছিল”।

তাৰ পিছত চহিদ-নিৰ্য্যাতিত পৰিয়ালৰ উক্ত ৮৯০জনৰ এজনেও বৰ্তমানলৈকে নিযুক্তি নাপালে বুলি গুৰুতৰ অভিযোগ তোলে দেৱনাথে।

“২০১৬ চনত মুঠ ৩১৫গৰাকী চহিদ-নিৰ্য্যাতিত পৰিয়ালৰ সদস্যই ৰাজ্য চৰকাৰৰ ২১টা বিভাগত আৱেদন কৰিছিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ২০১৬ চনৰ ১ জুলাইত এই আৱেদনকাৰীসকলক নিযুক্তি দিয়া হ’ব বুলি নতুন বিজেপি চৰকাৰখনৰ ১০০ দিনীয়া কৰ্মসূচীত অন্তৰ্ভুক্ত কৰিছিল আৰু বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ লগতে ইলেক্ট্ৰনিক মাধ্যমতো এই বাতৰি প্ৰকাশ কৰিছিল”, দেৱনাথে কয়।

তাৰ পিছতো যোৱা ৩ বছৰে এই কাম আগ নবঢ়াত এইসকলক নিযুক্তি প্ৰদানৰ দাবীত চলিত বৰ্ষৰ ৩১ জুলাইত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰিষদে স্মাৰকপত্ৰ প্ৰদান কৰে।

তেওঁ আৰু কয়, “আমাৰ স্মাৰক পত্ৰৰ ভিত্তিতে সৰ্বানন্দ সোণোৱালে অসম চুক্তি ৰূপায়ণ সমিতিক পত্ৰযোগে (পত্ৰ নং HMA-19/39/2018-Political (A) 231 (ECF63784)) নিযুক্তিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল যদিও তাতো লেহেমীয়া গতি দেখিবলৈ পোৱা গৈছে। অসম চুক্তি ৰূপায়ণ বিভাগে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত চহিদ-নিৰ্য্যাতিত পৰিয়ালে কৰা চাকৰিৰ আৱেদনৰ তালিকা সংগ্ৰহ কৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক”।

অনথ্যা অহা ৩১ ডিচেম্বৰৰ পাছত চহিদ-নিৰ্য্যাতিত পৰিয়ালৰ সকলো সদস্যই পেটত গামোচা বান্ধি আমৰণ অনশনত বহিব, দেৱনাথে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd