• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত অতুল বৰাৰ জৰুৰী বৈঠক

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , May 9, 2020 7:25 pm

2 min read

বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত অতুল বৰাৰ জৰুৰী বৈঠক
14.8k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষি মন্ত্রী অতুল বৰাৰ উপস্থিতিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত এখনি জৰুৰী বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মন্ত্রী গৰাকীয়ে মহকুমাটোত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে জিলা তথা মহকুমা পশু চিকিৎসা বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত আলোচনা কৰে।

বৈঠকত মন্ত্ৰী বৰাই বিভাগক সষ্টম হৈ থকাৰ লগতে মহকুমাটোৰ গাহৰি পালকসকলক যথাবিহিত সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

মহকুমা পশু চিকিৎসা বিভাগে জানিবলৈ দিয়া মতে বোকাখাতৰ তিনিটা মৌজাত তিনিটাকৈ টাস্ক ফৰ্চ গঠন কৰাৰ লগতে আজিৰ পৰা মহকুমাটোৰ গাহৰি পালিত অঞ্চলসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা বীজানুমুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিলৈ যাতে এই ৰোগ সংক্ৰমিত নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি বিহিত ব্যৱস্থা লোৱা বুলি বৈঠকত মন্ত্ৰী বৰাক অৱগতে কৰে উদ্যান কৰ্তৃপক্ষই।

বৈঠকত মহকুমা পশু চিকিৎসা বিভাগে দিয়া তথ্য অনুসৰি মহকুমাটোত প্ৰায় ৩০ হাজাৰটা পোহনীয়া গাহৰি আছে আৰু ইয়াৰে ৭৩৫ টা গাহৰিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে। মৃত গাহৰিৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

বৈঠকৰ অন্তত মন্ত্রী বৰাই কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ লগতে মহকুমাটোৰ বিভিন্ন গাহৰি পালন কৰা এলেকাসমূহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উক্ত বৈঠকত মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া মানসজ্যোতি নাথ, সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, চক্ৰ বিষয়া সংলগ্ন শ্বগুফতা অঞ্জুম চোহেলী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱকুমাৰ, পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা পশু চিকিৎসা বিষয়া ডা০ ৰঞ্জিত বৰাৰ লগতে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ লোক উপস্থিত থাকে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd