NORTHEAST NOW (Assamese)

গুৱাহাটীত বায়ু গুনাগুণ নিৰীক্ষণ কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

September 24, 2018 8:35 pm · এন ই নাও নিউজ

ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি বামুনীমৈদামস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত স্থাপন কৰা বায়ু গুনাগুণ নিৰীক্ষণ কেন্দ্ৰ ‘Continous Ambient Air Quality Monitoring Station (CAAQMS)’ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে এই কেন্দ্ৰটোৱে গুৱাহাটী মহানগৰীৰ বায়ুৰ গুনাগুন নিৰুপনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ পৰা উপলব্ধ ধাৰাবাহিক তথ্যই পৰিষদ তথা চৰকাৰক সহায় কৰিব।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া প্ৰচেষ্টাত স্থাপন হোৱা এই কেন্দ্ৰটোলৈ তেওঁ চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে। গুৱাহাটী মহানগৰৰ বায়ুৰ গুণাগুণ আৰু এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ল’বলগীয়া ৱ্যবস্থাৱলীৰ বাবেও কেন্দ্ৰটো যথেষ্ট সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব বিশ্ব কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত পৰিষদৰ অধ্যক্ষ এ এম সিঙে কেন্দ্ৰৰ বিষয়ে চমু ভাষণ আগবঢ়ায়। সভাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শ্বিলং আঞ্চলিক কাৰ্য্যালয়ৰ সঞ্চালক আৰু মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিজ্ঞানীও উপস্থিত থাকে।

Related News