• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক পৰিচয়েৰে অসমৰ কংগ্ৰেছ নেতাৰে যোগাযোগ : কল পৰীক্ষাত ধৰা পৰিল সেয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰাহে আছিল

ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অৱগত ববিতা শৰ্মা আৰু দুলু আহমেদৰ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , September 24, 2018 8:33 pm

2 min read

Bobeeta Sharma

বিজেপিৰ কাৰ্য্যালয়ৰ পৰা সাংবাদিক পৰিচয়েৰে যোগাযোগ সম্পৰ্কত ববিতা শৰ্মা আৰু দুলু আহমেদৰ সংবাদমেল।

780
VIEWS
Share on FacebookShare on Twitter

নিজকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বুলি পৰিচয় দি সমষ্টিৰ বিভিন্ন তথ্য বিচাৰি কৰা ফ’ন কলক লৈ তৎপৰ হৈছে কংগ্ৰেছৰ ববিতা শৰ্মা আৰু দুলু আহমেদ। এই কাৰ্য বিজেপিয়ে কৰা বুলি অভিযোগ উত্থাপন কৰি বিষয়টো আৰক্ষীক অৱগত কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ববিতা শৰ্মাই কয়, “বিজেপিয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ এইবাৰ সাংবাদিকৰ মিছা পৰিচয় দি কংগ্ৰেছৰ পৰা তথ্য ল’ব বিচাৰিছে। তেওঁলোকে এইদৰে আমাৰ কণ্ঠৰ নমুনা (Voice sample) লৈ সেয়াও অপব্যৱহাৰ কৰিব পাৰে। যিহেতু সন্মুখত নিৰ্বাচন আছে, গতিকে তেওঁলোকে এনে কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিছে।”

উল্লেখ্য যে যোৱা ২১ ছেপ্তেম্বৰত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মালৈ কোনো লোকে নিজকে এন ডি টি ভি নামৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক বুলি পৰিচয় দি ফোন কৰিছিল। লোকজনে ববিতা শৰ্মাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ কিছুমান তথ্য ‘এগজিট পল’ৰ সমীক্ষাৰ বাবে বিচাৰিছিল।

একেদৰেই সাংবাদিকৰ পৰিচয় দিয়া ব্যক্তিয়ে সামান্য অগাপিছাকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, দুলু আহমেদ, জয়নাথ শৰ্মাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতালৈ ফোন কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত কল কৰা নম্বৰসমূহ পৰীক্ষা কৰাত সেয়া বিজেপিৰ নতুন দিল্লীৰ ১১ আশোকা ৰ’ডত থকা বিজেপিৰ কাৰ্যালয়ৰ বুলি কংগ্ৰেছ নেতাকেইগৰাকীয়ে জানিব পাৰিছিল।

এই সন্দৰ্ভত ববিতা শৰ্মাই কয়, “বিজেপিয়ে বিৰোধী দলৰ তথ্য উলিয়াবলৈ নিবনুৱা যুৱকক দৰমহা দি সাংবাদিক সজাই ৰাখিছে।”

ইপিনে, এই ঘটনা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা কথাষাৰ ববিতা শৰ্মাই হাস্যকৰ বুলি মন্তব্য কৰে।

ৰূপম গোস্বামীয়ে কৈছিল, “বিজেপিৰ কাৰ্যালয়লৈ বহু সাংবাদিক আহি থাকে, তেওঁলোকৰ কোনোবাই কাৰ্যালয়ৰ ফোন বাতৰি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পাৰে।”

এই ঘটনা সন্দৰ্ভত ফোনকল লাভ কৰা আন এগৰাকী কংগ্ৰেছ নেতা দুলু আহমেদে সংবাদমেলত কয়, “যিহেতু সন্মুখত নিৰ্বাচন আহি আছে গতিকে বিজেপিয়ে আমাৰ দলৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ এই ধৰণৰ কাৰ্যৰ আশ্ৰয় লৈছে। ৰাইজ এতিয়া কংগ্ৰেছমুখী হৈছে, গতিকে বিজেপি শংকিত হৈ পৰিছে।”

উল্লেখযোগ্য যে সোমবোৰে ববিতা শৰ্মা আৰু দুলু আহমেদে এখন পত্ৰযোগে এই ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অৱগত কৰে। পৰবৰ্তী সময়ত দলৰ মজিয়াত বিষয়টো আলোচনা কৰি গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও ববিতা শৰ্মাই জানিবলৈ দিয়ে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd