• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনত চৰকাৰী ভূমি বেদখলৰ চেষ্টা আদিবাসী লোকৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 24, 2018 8:36 pm
Screenshot_20180924-194015

ফটো : নৰ্থ-ইষ্ট নাও

177
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুনৰ পাৰ্ব্বতীপুৰত চৰকাৰী সংৰক্ষিত মাটি বেদখলৰ চেষ্টা কৰে একাংশ আদিবাসীলোকে। আজি প্ৰায় দুই সহস্ৰাধিক লোকে বেদখল কাৰ্যত নামি পৰিছিল যদিও পৰৱৰ্ত্তী সময়ত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণত আহে।

বেদখলৰ চেষ্টা চলোৱা লোক সকলে বিভিন্ন ব্যক্তিগত চাহ বাগিচাত দিন হাজিৰা কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি এই লোকসকলৰ নিজস্ব বুলি কোনো ধৰণৰ মাটি-ভেটি নাই।

উল্লেখ্য যে প্ৰায় ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো আদিবাসী সকল ভূমিহীন হৈ থকা সময়ত অধিকাংশ আদিবাসী লোকে চৰকাৰক মাটি বিচাৰি বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ যোগাত্মক সঁহাৰি নোপোৱাত ক্ষুদ্ধ হৈ আজি এনে পদক্ষেপ ল’বলৈ বাধ্য হয় বুলি লোকসকলে জানিবলৈ দিয়ে।

আজি এই ভূমিহীন লোক সকলে নিজে হাতে হাতে দা-কুঠাৰ লৈ হাবি কাটি মাটি দখল কৰাৰ চেষ্টা চলোৱাত একপ্ৰকাৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰাকেশ ছেত্ৰী, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া আৰু লেখাপানী আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে এই সংক্ৰান্তত আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াৰ লগত প্ৰশাসনীয় বিষয়ববীয়াই এক আলোচনাত মিলিত হৈ অতি শীঘ্ৰে ভূমিহীন আদিবাসী লোকসকলক মাটিৰ ব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

অৱশেষত প্ৰতিশ্ৰুতিৰ প্ৰতি আস্থা ৰাখি আদিবাসী লোকসকলে হাবি কটা বন্ধ কৰে। উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পুনৰ মাটি দখলৰ চেষ্টা চলোৱা হ’ব বুলি আদিবাসী লোকসকলে ভাবুকি প্ৰদান কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd