• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কোটি টকাত কেলেংকাৰি, সৰৱ খোদ ব’ৰ্ডৰ অধ্যক্ষ

মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আৰু বিশেষ তদন্তকাৰী গোট গঠনৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2020 9:00 pm
Assam minorities development board chairman alleges scam in minority student's scholarship
326
VIEWS
Share on FacebookShare on Twitter

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কোটি টকাত আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে।

এই সম্পৰ্কত এখন সংবাদমেল সম্বোধন কৰি সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষই কয় “ছাত্ৰ-ছাত্ৰীৰ বাবে যোৱা ৪টা বছৰত ৫০০ কোটিতকৈও অধিক টকাৰ ছাত্ৰ জলপানি মুকলি কৰি দিয়া হৈছে। সেই জলপানিৰ অধিকাংশ ধনেই আত্মসাৎ হৈছে। এই ধন আত্মসাতত পোনপটীয়াকৈ শিক্ষানুষ্ঠানৰ মুৰব্বী, বিভিন্ন বেংকৰ সেৱা কেন্দ্ৰ, জিলা নডেল বিষয়াৰ কাৰ্যালয়কে ধৰি এটা দালাল চক্ৰই অতি কৌশলৰে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত শ শ কোটি টকা আত্মসাৎ কৰিছে।”

“টকা আত্মসাতৰ এই চক্ৰটোত শিক্ষানুষ্ঠানৰ প্ৰধানগৰাকীয়ে দুৰ্নীতিৰ দুৱাৰ মুকলি কৰিছে।” আৱালে লগতে কয়।

কেন্দ্ৰীয় চৰকাৰে ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত পোষ্ট-মেট্ৰিকত ৮৭ কোটি ৭০ লাখ ৭৩ হাজাৰ ৭৩৭ টকা আৰু ‘মেৰিট কাম মিনছ’ত ৪৮ কোটি ৯০ লাখ ৬১ হাজাৰ ৩৬৭ টকা আৰু প্ৰি-মেট্ৰিক স্কলাৰশ্বিপত ৩৬৪ কোটি ৭৮ লাখ ৬৯ হাজাৰ ৩৭২ টকা সৰ্বমুঠ ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ ৪৭৬ টকা মোকলাই দিছে বুলি আৱালে সদৰী কৰে।

তেওঁ লগতে কয় “ছাত্ৰ-ছাত্ৰীৰ নামত মোকলাই দিয়া এই বৃহৎ পৰিমাণৰ ধন ভুৱা একাউণ্ট খুলি সংশ্লিষ্ট ব্যক্তিসকলে আত্মসাৎ কৰিছে।”

এই সম্পৰ্কত মুখ্য মন্ত্ৰীৰ ওচৰত সংখ্যালঘু বৰ্ডৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

স্মাৰক পত্ৰ প্ৰদান কৰি ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে মুখ্য মন্ত্ৰীক এটা তদন্তকাৰী গোট গঠন কৰিবৰ বাবে লিখিতভাৱে অনুৰোধ জনায়।

“এই বৃহৎ কেলেংকাৰিত জড়িত হৈ থকা দোষী ব্যক্তিসকলক আইনৰ অধীনত আনি উচিত শাস্তিৰ ব্যৱস্থা কৰিবলৈ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব।” আৱালে সংবাদমেলত উল্লেখ কৰে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd