অসমত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি (ST) মৰ্যাদা প্ৰদানৰ বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতি পুনৰ উত্তপ্ত হৈ পৰিছে। এই দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তিনিটা মিচিং সংগঠনে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে।
শনিবাৰে সন্ধিয়া টিএমপিকে (TMPK), এমএমকে (MMK) আৰু **টিএমএমকে (TMMK)**ৰ উদ্যোগত, জনজাতি ৰাইজৰ বিভিন্ন সংগঠনৰ সহযোগত জোনাইৰ তৰাজান, কেমি, মহমৰা, ডেকাপাম, ৰামধন, গালী, চিগা, ৰাজাখানা আদি গাঁৱসমূহত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰতিবাদকাৰীসকলে “টিএমপিকে জিন্দাবাদ, এমএমকে জিন্দাবাদ, টিএমএমকে জিন্দাবাদ, জনজাতি ঐক্য জিন্দাবাদ, জনজাতিকৰণ বন্ধ কৰক, আমাৰ অস্তিত্ব ৰক্ষা কৰক, জনজাতি বিৰোধী চৰকাৰ নচলিব” আদি শ্লোগানেৰে ৰাজ্যৰ আকাশ-বতাহ কঁপাই তোলে। সংগঠনৰ নেতাসকলে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ এই সংগ্ৰাম অন্য কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ জনজাতি সমাজৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতহে এই প্ৰতিবাদ।
জাতীয় সংগঠনৰ নেতাসকলে ২৫ নৱেম্বৰ পৰা আৰম্ভ হ‘বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি জনজাতি সমাজৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তেওঁলোকে দাবী কৰে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে দাখিল কৰিবলগীয়া প্ৰতিবেদনখন জনজাতিৰ অধিকাৰ লংঘনকাৰী বা ভৱিষ্যত সংকট সৃষ্টিকাৰী হ’ব নালাগিব।
জনজাতি ৰাইজৰ পক্ষৰ পৰা তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ছয় জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিকৈ সমৰ্থন নকৰিবলৈ স্পষ্ট আহ্বান জনায়। নেতাসকলে দৃঢ়তাৰে কয়, “আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিৰোধ কৰিছোঁ আৰু কৰি যাম। জনজাতিৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ আমি অব্যাহত ৰাখিম।”





