NORTHEAST NOW (Assamese)

পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ

April 25, 2025 8:25 pm · এন ই নাও নিউজ, গুৱাহাটী

অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ বিধায়ক আমিনুল ইছলামক চাৰিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত ইছলামৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ মনশ্ৰীপৰ্ণ খাউণ্ডে দুয়োপক্ষৰ যুক্তি শুনি চাৰিদিনৰ বাবে ইছলামক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ অনুমতি দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজহুৱাভাৱে বিভ্ৰান্তিকৰ আৰু উচটনিমূলক বক্তব্য দিয়াৰ বাবে দুবাৰকৈ আৰক্ষীৰ জালত পৰিছিল বিধায়ক আমিনুল ইছলাম।

Related News