• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰ্যটকক ধৰ্ম সোধাৰ অভিযোগ : সন্ত্ৰাসবাদৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ ট্যুৰিষ্ট গাইড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 9:34 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পূৰ্বে পৰ্যটকৰ ধৰ্মৰ বিষয়ে প্ৰশ্ন কৰিছিল সন্ত্ৰাসবাদীয়ে। মৃতকসকলৰ কেইবাটাও পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে।

ইফালে চোৰাংচোৱাৰ বিষয়া সকলৰ মতে, স্থানীয় লোকৰ সহায় অবিহনে সন্ত্ৰাসবাদীয়ে এনে আক্ৰমণ সংঘটিত কৰা অসম্ভৱ।  স্থানীয় লোকৰ সমৰ্থন লাভ কৰিহে বৈছাৰণ উপত্যকালৈ গৈছিল সন্ত্ৰাসবাদীৰ দল।

Apply Now

কিন্তু তেওঁলোকক কোনে সহায় কৰিছিল? স্থানীয় ট্যুৰ গাইড নে ঘোঁৰাত উঠাই পৰ্যটকক পৰ্যটন কেন্দ্ৰলৈ লৈ যোৱাসকলে? এই কথাক লৈ এতিয়া সন্দেহ ঘনীভূত হৈছে। কাৰণ আৰক্ষীয়ে ইতিমধ্যে এজন গাইডক গ্ৰেপ্তাৰ কৰিছে।

২২ এপ্ৰিলত পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পূৰ্বে ২০ এপ্ৰিলত উত্তৰ প্ৰদেশৰ বাসিন্দা একতা তিৱাৰী নামৰ এগৰাকী যুৱতী তালৈ গৈছিল। তেওঁ দাবী কৰিছিল যে তেওঁ এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে কথা পাতিছিল!

অভিযোগ অনুসৰি, উক্ত ব্যক্তিজনৰ ঘোঁৰাত বৈছাৰণলৈ গৈছিল যুৱতীগৰাকী। যাত্ৰাৰ সময়ত সেই ব্যক্তিজনে তেওঁক সুধিছিল যে তেওঁৰ ধৰ্ম কি? ইতিমধ্যে চাৰিওজন আক্ৰমণকাৰীৰ ফটো প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াতো প্ৰচাৰিত হৈছে এগৰাকী গাইডৰ ফটো। ছবিখন দেখাৰ পিছতে তেওঁ এই কথা আৰক্ষীক অৱগত কৰে।

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত গণ্ডাৰৱালৰ পৰা আয়াজ আহমেদ জংগল নামৰ গাইডজনক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে তেওঁৰ জেৰা আৰম্ভ হৈছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত এই ব্যক্তিজন পৰোক্ষভাৱে জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সন্দেহ অনুসৰি তেওঁৰ পৰা বিভিন্ন তথ্য লৈ সেই স্থানলৈ আহিছিল উগ্ৰপন্থী। ইতিমধ্যে আৰক্ষীয়ে জানিব পাৰিছে যে উগ্ৰপন্থীয়ে বৈষ্ণো দেৱী উপত্যকাতো কেইবাটাও অভিযান চলাইছিল।

একতা নামৰ যুৱতীগৰাকীৰ ফোনত এই যুৱকজনৰ এখন ছবি আছে। যুৱতীগৰাকীয়ে দাবী কৰিছে যে এই ব্যক্তিজন উগ্ৰপন্থীৰ অন্যতম। যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, পাকিস্তানীৰ দৰে দেখা দুজন যুৱকে তেওঁৰ ধৰ্মৰ বিষয়ে সুধিছিল।

যুৱতীগৰাকীয়ে অধিক বিস্ফোৰক দাবীও উত্থাপন কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, কোনোবাই ফোনত বন্দুকৰ কথা কোৱা শুনিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd