• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেইটামান স্নেপশ্বট দাঙি ধৰি চৰকাৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 7:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেইটামান স্নেপশ্বট দাঙি ধৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম চৰকাৰৰ শেহতীয়া বিত্তীয় বৰ্ষৰ কেতবোৰ আঁসোৱাহ দাঙি ধৰি ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰিছে।

সাংসদ অজিত কুমাৰ ভূঞাই তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি কয় যে ২০২৪ – ২৫ বৰ্ষত অসম চৰকাৰে কেৱল সুদৰ নামমে ৯,৫০০ কোটি টকা খৰচ কৰিছে।

Apply Now

ইয়াৰ লগতে সাংসদ ভূঞাই অভিযোগ কৰি কয় যে সুদৰ নামত হাজাৰ কোটি দিবলগীয়া হোৱা চৰকাৰখনে অসমৰ সৰু সৰু ঠিকাদাৰ সকলক প্রাপ্য ধন দিব পৰা নাই।

ধাৰৰ বোজাত কোঙা  হোৱা  চৰকাৰখনে বিগত বিত্তীয় বৰ্ষত ধাৰ্য্য কৰা মুঠ ধনৰ ৭০% হে ব্যয় কৰিবলৈ সক্ষম হৈছে বুলিও তথ্য দাঙি ধৰে সাংসদ অজিত কুমাৰ ভূঞাই।

ধনৰ অভাৱত বিভিন্ন বিভাগৰ চিলিং প্রস্তাৱবোৰ বিত্ত বিভাগে ঘূৰাই পঠোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক অজিত কুমাৰ ভূঞাই সমালোচনা কৰে।

ইয়াৰ লগতে অজিত কুমাৰ ভূঞাই প্ৰশ্ন উত্থাপন কৰি কয়, “সামগ্রিকভাবে ধাৰৰ বোজাৰে সামৰণি পৰিল ২০২৪-২৫ বিত্তীয় বৰ্ষ। অহা বিত্তীয় বৰ্ষত আকৌ বৃদ্ধি পাব ধাৰ আৰু সুদৰ বোজা। আমাৰ শংকা আৰু ভয় হৈছে, চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা দি থাকিবলৈ বিত্তীয়ভাৱে সক্ষম হৈ থাকিবগৈনে?”

এতিয়া সাংসদ ভূঞাৰ এই বিবৃতিয়ে পুনৰ বাৰ কেতবোৰ প্ৰশ্ন চৰ্চালৈ আনিছে – অসমখন ধাৰত ডুবাই ধৰুৱাৰ দেশলৈ পৰিণত কৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? কেৱল চমক সৃষ্টিৰে অনুৎপাদনশীল হিতাধিকাৰী আাঁচনিৰ দ্বাৰা ভোট আদায় কৰাৰ পাং পাতি অসমখনৰ অৰ্থনৈতিক ৰাজহাড় ভাঙিব খুজিছে নেকি ৰাজ্যৰ বিজেপি চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd