• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঐক্যবদ্ধভাৱে এই আগ্ৰাসন প্ৰতিহত কৰিব লাগিব: অসম নাগৰিক সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 7:40 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৰ্তমানৰ নিৰ্বাচনকালীন পৰিস্থিতিত সহমত প্ৰকাশ কৰা কেইবাটাও নাগৰিক সংগঠনক একত্ৰিত কৰি ‘অসম নাগৰিক সন্মিলন’ৰ জন্ম দিয়া হৈছিল। বহুতেই প্ৰশ্ন কৰে যে নাগৰিক সমাজ নিৰ্বাচনী ৰাজনীতিত কিয় জড়িত হৈ পৰিছে? ইয়াৰ উত্তৰত সন্মিলনে জনাইছে যে, প্ৰকৃততে শাসকীয় চৰকাৰখনে সৃষ্টি কৰা অৰাজকতাৰ বাবেই নাগৰিক সমাজ আজি নিৰ্বাচনী ৰাজনীতিত জড়িত হ’বলৈ বাধ্য হৈ পৰিছে। এই চৰকাৰখনে কাৰো কথা নুশুনে; তেওঁলোকে নিজৰ খেয়াল-খুচি মতে যি মন যায় তাকে কৰে। বিশেষকৈ মুখ্যমন্ত্ৰীজনে নিজৰ মইমতালীৰে ৰাজ্যখনত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সন্মিলনৰ মতে, অনবৰতে ‘মিঞা’ৰ ভয় দেখুৱাই অসমীয়া পৰিচয়ৰ দোহাই দি থকা এই চৰকাৰখনে সুপৰিকল্পিতভাৱে অসমৰ মাটি-পানীকে ধৰি সকলো সম্পদ আদানী, আম্বানী আৰু ৰামদেৱৰ দৰে মুষ্টিমেয় বাণিজ্যিক প্ৰতিষ্ঠানক গতাই দিছে। তেওঁলোকেই এতিয়া অসমৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি আৰু বনভূমিৰ গৰাকী হৈ পৰিছে। আনকি ঠিকা-ঠুকলি আৰু সৰু-সুৰা ব্যৱসায়-বাণিজ্যও এতিয়া বিজেপি-আৰএছএছে সমৰ্থিত উত্তৰ ভাৰতীয় আৰু গুজৰাটী লবীৰ হাতত। চাৰিওফালে কেৱল তেওঁলোকৰ লবী আৰু চিণ্ডিকেটৰ ৰাজত্ব চলিছে বুলি সন্মিলনে অভিযোগ কৰে।

Apply Now

শেহতীয়াকৈ এছ.আৰ. (SR) ৰ নামত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে ভোটাৰ তালিকাৰ পৰা এফালে অসমত শতিকা জুৰি বাস কৰি অহা সংখ্যালঘু লোকৰ নাম কৰ্তন কৰা হৈছে আৰু আনফালে হিন্দু ধৰ্মৰ দোহাই দি বাহিৰৰ পৰা যিকোনো প্ৰকাৰে মানুহ আনি তেওঁলোকৰ মৰ্জি মতে অসমত ভোট দিয়াৰ পথ মুকলি কৰি দিয়া হৈছে। সন্মিলনৰ মতে, অসমত এতিয়া আইন-কানুন বোলা কোনো কথা নাই; মুখ্যমন্ত্ৰীৰ মুখৰ কথাই যেন আইনত পৰিণত হৈছে।

তেওঁলোক ক্ষমতাত থকা বাবেই আজি বিজেপি-আৰএছএছে এইদৰে মইমতালী কৰিব পাৰিছে। গতিকে ২০২৬ৰ নিৰ্বাচনত তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে অসম আৰু ‘অসম’ হৈ নাথাকিব; নৈৰাজ্য আৰু অৰাজকতাই ৰাজ্যখনক সম্পূৰ্ণৰূপে গ্ৰাস কৰিব বুলি সন্মিলনে সকীয়াই দিছে।

আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ’বই লাগিব। ইয়াৰ লগতে ৰাজ্যৰ সমূহ নাগৰিক সমাজ একগোট হ’ব লাগিব আৰু এই ঐক্যক এক ‘জনজাগৰণ’ৰ জৰিয়তে জনসাধাৰণৰ ঐক্যলৈ ৰূপান্তৰিত কৰিব লাগিব। তেতিয়াহে ২০২৬ ৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা সম্ভৱ হ’ব। অসম নাগৰিক সন্মিলনৰ ৰাজ্যিক সন্মিলনে বিৰোধী দলবোৰৰ সৈতে আলোচনা কৰি তেওঁলোকক ঐক্যবদ্ধ কৰাৰ বাবে এটি ছয়জনীয়া কমিটি গঠন কৰি দিছিল। যোৱা ছয় মাহে এই কমিটিখনে বিৰোধী ঐক্যৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। সুখৰ কথা যে শেহতীয়াকৈ বিৰোধী দলসমূহে ২০২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে, যিটোৱে জনসাধাৰণৰ মাজত উৎসাহ আৰু আশাৰ সঞ্চাৰ কৰিছে।

কিন্তু এছ.আৰ.ৰ জৰিয়তে লাখ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দি বা অন্য ষড়যন্ত্ৰ কৰি ‘পিছ দুৱাৰেৰে’ নিৰ্বাচন জিকাৰ বিজেপিৰ যি কৌশল, তাক প্ৰতিহত কৰিবলৈ বিৰোধী অধিক তৎপৰ হ’ব লাগিব বুলি সন্মিলনে মত প্ৰকাশ কৰিছে। তেওঁলোকে ক্ষিপ্ৰতাৰে নিৰ্ণায়ক সিদ্ধান্ত ল’ব লাগিব, কিয়নো সময় তেনেই তাকৰ। বৃহৎ বিৰোধী দল হিচাপে এই ক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰি সন্মিলনে কয় যে সকলো দ্বিধা-সংকোচ আঁতৰাই তেওঁলোক সম্মুখ সমৰত জপিয়াই পৰিব লাগিব। পৰিস্থিতিৰ গুৰুত্ব বুজি অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব যাতে অধিক সক্ৰিয় হয়, তাৰ বাবে ইতিমধ্যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সৰ্বভাৰতীয় নেত্ৰী প্ৰিয়ংকা গান্ধীলৈ সন্মিলনৰ তৰফৰ পৰা এখন যুটীয়া পত্ৰ প্ৰেৰণ কৰা হৈছে।

সেই পত্ৰখন আজি এই সংবাদ মেলাতে ৰাজহুৱা কৰা হ’ব। সন্মিলনে মতে, সকলোৱে উপলব্ধি কৰা উচিত যে আজি অসমবাসী এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সকলো ঐক্যবদ্ধ হ’লেহে অসমৰ ওপৰত চলা উত্তৰ ভাৰতীয় আগ্ৰাসন প্ৰতিহত কৰিব পৰা যাব বুলি সন্মিলনে দৃঢ়তাৰে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd