NORTHEAST NOW (Assamese)

প্ৰতিবাদলৈ বৃদ্ধাংগুষ্ঠ! গিবনত তৈল্য অম্বেষণৰ অনুমতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ

January 13, 2025 2:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: January 13, 2025 2:27 pm

প্ৰতিবাদলৈ কেৰেপ নকৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে। বন্যপ্ৰাণী আৰু পৰিৱেশতন্ত্ৰৰ মৃত্যু ঘন্টা বজাবলৈ আৰম্ভ কৰিছে খোদ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে।

পৰিৱেশ সংগঠনৰ উদ্বেগ সত্ত্বেও অসম-নাগালেণ্ড সীমান্তৰ যোৰহাট জিলাৰ মৰিয়নীস্থিত হুলঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত তেল আৰু গেছ অন্বেষণৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে।

ইয়াৰ পূৰ্বে অসমৰ প্ৰধান মুখ্য বনাঞ্চল (বন্যপ্ৰাণী) সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে যোৱা বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় স্বাৰ্থকথা দোহাই দি এই প্ৰকল্পটোৰ বাবে অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়েও যোৱা বছৰৰ ২৭ আগষ্টত অনুষ্ঠিত হোৱা বৈঠকত নীতিগত অনুমোদন প্ৰদান কৰিছিল।

এই ক্ষেত্ৰত চৰকাৰে কেৱল অন্বেষণমূলক খননৰ অনুমতি দিয়া হব বুলি কৈ থকাৰ সময়তে পৰিৱেশবিদসকলে আশংকা কৰিছে যে ইয়াৰ ফলত বাণিজ্যিক তেল নিষ্কাশনৰ পথ মুকলি হব পাৰে।

এতিয়া ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ অনুমতিৰ পিছত তেল আৰু গেছ খননৰ সেউজ সংকেট লাভ কৰিছে বেদান্ত গ্ৰুপে। এই অনুমতিৰ পিছত অভৰায়ণ্য খনৰ পৰিৱেশতন্ত্ৰৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।

Related News