• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৱে এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে

এন আৰ চি বহিৰ্ভূত অসমৰ খিলঞ্জীয়াক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবেও ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2019 6:49 pm

2 min read

CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ছবি।

10.5k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ এন আৰ চি সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে।

এন আৰ চিখনৰ ত্ৰুটীমুক্তকৰণ প্ৰক্ৰিয়াটো নিখুঁত কৰাত সংগঠনটোৱে সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু সেয়ে শুধৰণিখিনি সঠিকভাৱে হোৱাৰ ক্ষেত্ৰত আমি ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছো, আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে সংবাদ মাধ্যমক জনায়।

যোৱা ৩১ আগষ্টত প্ৰকাশিত এন আৰ চিখনক লৈ আছুকে ধৰি বহু দল-সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছিল।

তাৰোপৰি, এন আৰ চিৰ পৰা বাদ পৰা অসমৰ খিলঞ্জীয়া লোকসকলক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবেও আছুৱে উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে।

গগৈয়ে প্ৰকাশ কৰা মতে, উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে।

ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে যোৱা ১৩ ছেপ্তেম্বৰত গুৱাহাটীত এক বৈঠকৰ পিছতে এন আৰ চি সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰিছিল।

অসমৰ এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় গোচৰটোৰ লেখ আবেদনকাৰী (আবেদন নং ২৭৪/২০০৯) অভিজিত শৰ্মাই প্ৰক্ৰিয়াটোৰ এশ শতাংশ পুনৰীক্ষণ বিচাৰি যোৱা ১৯ জুনত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে।

প্ৰকাশিত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

লগতে পঢ়ক– উচ্চতম ন্যায়ালয়লৈ আছু, ৩০ জনগোষ্ঠীয় সংগঠন: “এন আৰ চিত সুখী নহয়”

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd