এন আৰ চি সন্দৰ্ভত নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Final NRC: No delay may be entertained, SC asks Prateek Hajela to be brave and follow the law

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমন। ছবি- livelaw.inৰ সৌজন্যত।

এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱা অসমৰ ৪০ লাখ লোকৰ ক্ষেত্ৰত দাবী আৰু আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ লগতে বুধবাৰে আৰু এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

ইতিমধ্যে দাবী আৰু আপত্তি কৰাসকলক অহা ২০১৯ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা জাননী জাৰি কৰা হ’ব আৰু তেওঁলোকৰ নথি পত্ৰৰ সত্যাসত্য পৰীক্ষণ আৰম্ভ হ’ব ১৫ ফেব্ৰুৱাৰিৰ পৰা।

অসমত চলিত এন আৰ চি উন্নীতকৰণ সন্দৰ্ভত বুধবাৰৰ শুনানিত এই দুটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমনৰ বিচাৰপীঠে।

আনহাতে বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত এতিয়ালৈকে ১৪.৮ লাখ লোকেহে এতিয়ালৈকে দাবীৰ আবেদন কৰিছে। সেই হিচাপে প্ৰায় ২৫ লাখ অৰ্থাৎ অধিক সংখ্যক লোকেই দাবীৰ আবেদন এতিয়ালৈকে দাখিল কৰা নাই। “অৰ্ধশিক্ষিত লোকসকলৰ বাবে আবেদনৰ প্ৰপত্ৰ পূৰণ সহজ নহয়,” বুলি উল্লেখ কৰি বুধবাৰে শুনানিত “দাবী” সন্দৰ্ভত এই তথ্য সদৰী কৰিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

পূৰ্বে দাবী আৰু আপত্তিৰ সময়সীমা আছিল ১৫ ডিচেম্বৰ, জাননী জাৰিকৰণ আৰম্ভ কৰাৰ কথা আছিল ১৫ জানুৱাৰিত আৰু সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া ১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল।

এই সময়সীমা বৃদ্ধিৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ বিবেচনা কৰি এই নতুন নিৰ্দেশ জাৰি কৰিছে বিচাৰপীঠখনে।

অসম চৰকাৰ আৰু আমছুৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এই সময়সীমা বৃদ্ধিৰ পোষকতা কৰিছিল।