‘বিদেশী’- দীৰ্ঘদিন ধৰি অসমৰ সমাজ জীৱনক পণবন্দী কৰি ৰখা এটা সমস্যা। যোৱা প্ৰায় চল্লিশটা বছৰে এই এটা সমস্যাকে অতিক্ৰম কৰি আমি আগবাঢ়ি যাব পৰা নাই। কোন বিদেশী, কোন স্বদেশী এই এটা প্ৰশ্নৰ চাকনৈয়াত আমি বছৰৰ পাছত বছৰ ঘূৰি আছোঁ। ইয়াক কেন্দ্ৰ কৰি সংঘাত, সংঘৰ্ষ; ইয়াক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি। ইয়াক অতিক্ৰম কৰি যোৱাটো এই মুহূৰ্তত আমাৰ বাবে আটাইতকৈ দৰকাৰী কথা। আমাৰ দৰে বহুতৰ বাবে এক সঠিক শুদ্ধ নাগৰিকপঞ্জীয়েই হ’ল এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ একমাত্ৰ পথ। আৰু অৱশেষত নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পালে। প্ৰায় ৪০ লাখ লোকৰ নাম নাই এই পাঁচবছৰীয়া প্ৰচেষ্টাৰ অন্তত প্ৰস্তুত কৰি উলিওৱা নাগৰিকপঞ্জীত। ৪০ লাখ এক বিশাল মানুহৰ সমষ্টি। সেয়েহে স্বাভাৱিকতেই প্ৰশ্ন হয়– ইয়াৰ পাছত কি?
যদিও উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত অসমৰ নাগৰিকপঞ্জীৰ কাম আগবাঢ়িছিল বা আগবাঢ়ি আছে, কিন্তু ইয়াৰ আধাৰ হ’ল নাগৰিকত্ব আইন। নাগৰিকত্ব আইনৰ ১৮নং ধাৰাই দিয়া ক্ষমতাৰ প্ৰয়োগেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules 2003 (।)
মনত ৰখা ভাল এই অধিনিয়মে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দেশৰ বাবে নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰিছে। অৰ্থাৎ নাগৰিকপঞ্জী যদিও অসমতহে আৰম্ভ হৈছে, কিন্তু ই কেৱল অসমকেন্দ্ৰিক নহয়। এক বিশেষ পৰিপ্ৰেক্ষিতত অসমত এই কাম মাত্ৰ আৰম্ভ হ’ল।
অধিনিয়মৰ ৪নং ধাৰাই কেন্দ্ৰীয় চৰকাৰক দেশৰ নাগৰিকৰ এক পঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব দিছে। কোৱা হৈছে– ‘The Central Govt. shall for the purpose of National Registrar of Indian Citizens cause to carry throughout the country a house to house enumeration for collection of specified particulars relating to each family and individual, residing in a local area including the citizenship status’। তথ্য সংগ্ৰহৰ পাছত সেই তথ্যৰ সত্যাসত্য নিৰূপণৰ কাম কৰিব লাগে কৰ্তৃপক্ষই। সংগৃহীত তথ্যৰ সত্যাসত্য নিৰূপণৰ পাছত খচৰা প্ৰস্তুত হয় আৰু কোনো ব্যক্তিৰ নাম খচৰাত কিয় অন্তৰ্ভুক্ত নহ’ল তাৰ কাৰণ লিপিবদ্ধ কৰাটো কৰ্তৃপক্ষৰ দায়িত্ব। তাৰ পাছত আহিল দাবী আৰু অভিযোগ উত্থাপনৰ পৰ্যায়। এক মাহৰ ভিতৰত যিসকলৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে দাবী উত্থাপন কৰিব পাৰিব। আনহাতে এনে দাবী উত্থাপন কৰিলে কৰ্তৃপক্ষই ৯০ দিনৰ ভিতৰত দাবীদাৰক শুনি সিদ্ধান্ত দিব লাগিব। অধিনিয়ম ৪(৭)(ক) অনুযায়ী এনে সিদ্ধান্তত অসন্তুষ্ট হ’লে অসন্তুষ্ট ব্যক্তিয়ে জিলা পঞ্জীয়কৰ ওচৰত আপীল কৰিব পাৰিব। আৰু জিলা পঞ্জীয়কে ৯০ দিনৰ ভিতৰত এনে আপীলৰ শুনানি লৈ সিদ্ধান্ত দিব লাগিব। স্বাভাৱিকভাৱেই ইয়াৰ পাছতো অসন্তুষ্ট ব্যক্তি (aggrieved person) উচ্চ ন্যায়ালয়লৈ যাব পাৰিব। অৰ্থাৎ নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ সুযোগ খচৰাত নাম নথকা ব্যক্তিয়ে পাব।
অত্যন্ত পৰিপক্কতাৰে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মানুহে নাগৰিকপঞ্জীক আদৰি লৈছে। সন্দেহ নাই পঞ্জীত নাম নথকা বহু লক্ষ ভাৰতীয় নাগৰিকে শংকাত ভুগিছে। এইসকলৰ নাম যাতে নাগৰিকপঞ্জীত আহে তাৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়। সৰু-সুৰা ত্ৰুটীৰ বাবে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ আৱেদন অগ্ৰাহ্য কৰাটো গ্ৰহণযোগ্য নহয়। তেনেদৰে প্ৰয়োজন সাপেক্ষে চৰজমিন তদন্তৰ দ্বাৰাও কোনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰে সেয়া নিশ্চিত কৰাটো প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ দৰে এটা প্ৰক্ৰিয়াত ভুল-ভ্ৰান্তি থকাটো স্বাভাৱিক। প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে থকা আমাৰ বহু মানুহৰ পক্ষপাতিত্বমূল মনোভাব তথা শাসনাধিস্থ চৰকাৰৰ ৰাজনৈতিক স্বাৰ্থপূৰণৰ চেষ্টায়ো মানুহৰ নাম কৰ্তনত হয়তো ভূমিকা লৈছে।
কিন্তু, এনে ভুলৰ বাবেই নাগৰিকপঞ্জীক নস্যাৎ কৰি দিব বিচৰা কাৰ্য মুঠেও গ্ৰহণযোগ্য হ’ব নোৱাৰে।
অসমৰ বাস্তৱ পৰিস্থিতিক অসমৰ বাহিৰৰ এচাম ব্যক্তিয়ে আৰু একে সময়তে ৰাজ্যখনৰ ভিতৰৰ ন্যস্ত স্বাৰ্থজড়িত এটা মহলে নাগৰিকপঞ্জীখনকেই বিশ্বাসযোগ্যতাহীন কৰাৰ বাবে অপচেষ্টাত লিপ্ত হৈছে। এই দুয়োটা মহলেই প্ৰকাৰান্তৰে বিভাজনমুখী ৰাজনীতিক সাৰপানী যোগাইছে। নাগৰিপঞ্জীৰ মূল নথিৰ প্ৰকাশলৈ অপেক্ষা নকৰি ৪০ লাখ মানুহৰ নাম খচৰাত নথকা বিষয়টোক লৈ হুলস্থূল কৰাসকল অথবা ৪০ লাখ লোকৰ সংখ্যাটো কম হোৱা বুলি আত্ৰাহী পৰাসকল কোনোটোৰেই উদ্দেশ্য সৎ নহয়।
সংখ্যা যিমানেই নহওক এই কথাত সন্দেহ নাই যে নাগৰিকপঞ্জীৰ মূল তালিকা প্ৰকাশৰ পাছত এক বৃহৎ জনসমষ্টি ৰাষ্ট্ৰহীন হ’ব। এতিয়া কথা হ’ল এইসকলক লৈ কি কৰা যাব?
ৰাষ্ট্ৰহীন হোৱাৰ সম্ভাৱনা থকা জনসমষ্টিটোত কেইবাটাও গোট থাকিব–
ক) নাগৰিকপঞ্জীত নাম নথকা অবৈধ অনুপ্ৰৱেশকাৰী,
খ) নাগৰিকপঞ্জীত নাম নথকা কিন্তু বৈধ অনুপ্ৰৱেশকাৰী (যিসকলক অবৈধ অনুপ্ৰৱেশকাৰীক ৭ ছেপ্টেম্বৰ, ২০১৫ৰ অধিসূচনাৰ দ্বাৰা বৈধ কৰা হ’ল),
গ) ১৯৭১ৰ পৰা ১৯৮৭ চনৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক সতি-সন্ততি যিবোৰে নাগৰিকত্ব আইন ১৯৫৫ৰ আধাৰত নাগৰিকত্বৰ দাবী উত্থাপন কৰিব পাৰে,
ঘ) সন্দেহজনক ভোটাৰ আখ্যা পোৱা কিন্তু বিদেশী বা নাগৰিক সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত নোহোৱাসকল,
ঙ) যিসকলে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনেই নকৰিলে।
উল্লেখিত প্ৰতিটো গোটক একেধৰণেৰে চাব পৰা অৱস্থাত নাই। ১ম গোটটোৰ বাদে ২য়, ৩য় অথবা ৪ৰ্থ গোটটোক বিদেশী গণ্য কৰি বহিস্কৰণৰ আজি প্ৰশ্ন নাই। শেহতীয়াকৈ বিভিন্ন অঞ্চলৰ পৰা তথ্যৰ আধাৰত ধাৰণা কৰিব পাৰিছে যে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰৰ অধিসূচনাৰ আধাৰত বৈধ হৈ পৰা অবৈধ অনুপ্ৰৱেশকাৰী (২য় গোটত থকা আৰু যিসকলৰ ৯৯ শতাংশই হিন্দু বাঙালী)ৰ সংখ্যা প্ৰায় ১০ৰ পৰা ১৫ লাখৰ ভিতৰত হ’ব। বাকী (খ) আৰু (গ) গোটত থকা সকলো মুঠেই কম নহ’ব। অৰ্থাৎ আইনগতভাৱে বহিস্কৃত কৰিব পৰা বিদেশীৰ সংখ্যা হ’ব ১৫ৰ পৰা ২০ লাখ।
বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীক যি যুক্তিত নাগৰিকত্ব প্ৰদানৰ চেষ্টা চলিছে অথবা বৈধ ঘোষণা কৰা হৈছে, সেই যুক্তি চৰকাৰী তথ্যই অসাৰ প্ৰমাণিত কৰিছে। সংসদত সৌ সিদিনা বিদেশ মন্ত্ৰী সুষমা স্বৰাজে দিয়া বক্তব্য অনুযায়ী বাংলাদেশত শতাংশ হিচাপে হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁৰ তথ্য অনুযায়ীয়েই বাংলাদেশত হিন্দু নিগৃহীতও নহয়। অৰ্থাৎ নিগৃহীত হোৱাৰ যুক্তিত নাগৰিকত্ব প্ৰদানৰ চেষ্টা বৃহৎ ফাঁকি। সেয়েহে, এনেধৰণেৰে অহা লোকক নাগৰিকত্ব প্ৰদানৰ বা বৈধ বোলাৰ কোনো অৱকাশ নাই। তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী ৰূপেই গণ্য কৰিব লাগিব।
১৯৭১ৰ পৰা ১৯৮৭ চনৰ ভিতৰত ভাৰতবৰ্ষত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ সতি-সন্ততিৰ কি হ’ব? বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন। সন্দেহ নাই, আইনমতে তেওঁলোক নাগৰিকত্বৰ যোগ্য। কিন্তু, ১৯৫৫ চনৰ আইন গৃহীত হোৱাৰ সময়ত ব্যাপক হাৰত হ’ব পৰা প্ৰব্ৰজনৰ কথা কল্পনা কৰিব পৰা হোৱা নাছিল। এখন ঠাই বা এখন দেশৰ পৰা আন ঠাই দেশলৈ হোৱা প্ৰব্ৰজন এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই স্বাভাৱিক হাৰৰ প্ৰব্ৰজনৰ কথা বিবেচনা কৰি নাগৰিকত্ব আইনত জন্মসূত্ৰে নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছিল। লক্ষণীয়ভাৱে ব্যাপক হাৰত হোৱা প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিততে ১৯৮৭ চনত নাগৰিকত্ব আইনত অনা সংশোধনীৰ জৰিয়তে জন্মসূত্ৰে নাগৰিকত্বৰ বাবে পিতৃ বা মাতৃ কোনোবা এজনৰ ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক কৰা হ’ল।
ভাৰতবৰ্ষৰ দৰে বিশাল ৰাষ্ট্ৰই প্ৰব্ৰজনক আৰ্থিক বোজা বুলি ভাবি নাগৰিকত্ব প্ৰদানৰ নীতিক সলনি কৰাৰ পাছত অসমৰ ওপৰত তেনে বৃহৎ সংখ্যক মানুহৰ বোজা ‘জন্মসূত্ৰে নাগৰিকত্ব’ৰ আধাৰত জাপি দিয়াটো সমীচিন হয়নে?
সি যি নহওক, মূল কথাটো হ’ল শেহত বিদেশী পৰিগণিত হোৱা লোকৰ ক্ষেত্ৰত কি কৰা হ’ব? সমস্যাটোৰ সহজ সমাধান হ’ল নাগৰিকত্ব প্ৰদান। কিন্তু, সেয়া কৰিলে অসমৰ মানুহৰ দাবী, নাগৰিকপঞ্জী আদি সকলো অসাৰ হ’ব।
তাৰ বাদে আমাৰ হাতত কি পথ আছে? এই পৰ্যন্ত ভাৰত চৰকাৰৰ কথা-বতৰাৰ পৰা স্পষ্ট যে বিদেশী বিতাড়নৰ বাবে কোনো পদক্ষেপ তেওঁলোকে লোৱা নাই আৰু লোৱাৰ তালতো নাই। বছৰৰ পাছত বছৰ ‘ডিটেনশ্বন কেম্প’ত ৰখাটোও সমাধান নহয়। তেনেক্ষেত্ৰত এইসকল ৰাষ্ট্ৰহীন নাগৰিকক কি কৰা হ’ব?
বহুতেই ৰাষ্ট্ৰহীন হ’ব পৰা নাগৰিকসকলক ‘ৱৰ্ক পাৰ্মিট’ দিয়াৰ পোষকতা কৰিছে। কিন্তু ‘ৱৰ্ক পাৰ্মিট’ দিয়া ব্যক্তিসকলৰ সতি-সন্ততিৰ কি হ’ব। সংখ্যা বৃদ্ধি পাব। তেনে পৰিস্থিতিত কেৱল ‘ৱৰ্ক পাৰ্মিট’ দি ৰখাটো সমাধান হ’বনে? নে ই পুনৰ নতুন উত্তেজনা সৃষ্টিৰ কাৰক হ’ব?
ৰাষ্ট্ৰসংঘৰ ‘Convention relating to the status of stateless persons’ নামৰ এক সংস্থাই ৰাষ্ট্ৰহীন মানুহৰ বিষয়টো চোৱা-চিতা কৰে। এই সংস্থাৰ তথ্য অনুযায়ী ২০১৪ চন পৰ্যন্ত প্ৰায় ১০ লাখ মানুহ সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰহীন। তেনে পৰিপ্ৰেক্ষিতত যদি অসমৰ দৰে সৰু অঞ্চল এটাত প্ৰায় ২৫-৩০ লাখ মানুহ ৰাষ্ট্ৰহীন হৈ পৰে, সি আন্তঃৰাষ্ট্ৰীয় দৃষ্টিত পৰিবই। সেই ফালৰ পৰা ২৫-৩০ লাখ এক বিশাল পৰিসংখ্যা।
ৰাষ্ট্ৰসংঘৰ উক্ত সংস্থাই ৰাষ্ট্ৰহীন নাগৰিকক সকলো মানৱীয় অধিকাৰ প্ৰদানৰ পোষকতা কৰে। এজন ৰাষ্ট্ৰহীন মানুহেও যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰে নিশ্চয়তা প্ৰদান কৰাৰ চেষ্টা কৰিছে ৰাষ্ট্ৰসংঘই উক্ত conventionৰ পৰামৰ্শাৱলীৰ দ্বাৰা। অৱশ্যে এই conventionত স্বাক্ষৰ কৰা নাই বাবে ভাৰতবৰ্ষ এই পৰামৰ্শাৱলী মতে কাম কৰাৰ বাবে দায়বদ্ধ নহয়।
সি যি কি নহওক ৰাষ্ট্ৰহীন হ’ব পৰা মানুহখিনিৰ দিহা লগোৱাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ আশংকা দূৰ কৰাৰ বাবে তলৰ পদক্ষেপবোৰ প্ৰয়োজনীয় হ’ব বুলি মোৰ বিশ্বাস।
(ক) যদিহে বিদেশীৰূপে চিহ্নিত হোৱা ব্যক্তিক তেওঁলোকৰ স্ব-গৃহলে বিতাড়িত কৰাত ৰাষ্ট্ৰ অপাৰগ তেনেক্ষেত্ৰত এইসকলে বিদেশীক দুটা ভাগত বিভক্ত কৰাটো উচিত। এনে কিছু মানুহ বিদেশীৰূপে পৰিগণিত হৈছে, যাৰ পৰিয়ালৰ আন সকলো সদস্যই নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব পাৰিছে। এনেসকল ব্যক্তিক তেওঁলোকৰ পৰিয়ালৰ লগত থকাৰ অনুমতি প্ৰদান কৰিব লাগে। পৰিয়ালৰ সংজ্ঞা এইক্ষেত্ৰত হোৱা উচিত Nuclear Family অৰ্থাৎ পিতৃ-মাতৃ আৰু অবিবাহিত সন্তান। আন সকলোকে অসমৰ বাহিৰত সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগিব। আন্তৰ্জাতিক আইনেও এনে Burden sharingৰ কথা কয়। তদুপৰি ‘ঘোষিত বিদেশী’ৰ এক পঞ্জী প্ৰস্তুত কৰি সকলো মহকুমা সদৰ, জিলা সদৰত উপলব্ধ কৰিব লাগে যাতে কোনো ঘোষিত বিদেশীয়ে মাটি ক্ৰয় কৰিব নোৱাৰে।
দ্বিতীয়তে ইতিমধ্যে ‘সন্দেহজনক নাগৰিক’ বা ‘D’ Voter ঘোষণা কৰি ৰখাসকলক নাগৰিকত্ব ন্যায়াধিকৰণত নাগৰিকত্ব প্ৰমাণৰ সুযোগ দি এই বিতৰ্কিত সমস্যাটো শেষ কৰাটো প্ৰয়োজনীয়।
তৃতীয়তে Passport (Entry Into India) Rules, 1950 আৰু Foreigners Orderত ২০১৫ চনত অনা সংশোধনী শীঘ্ৰে বাতিল কৰিব লাগে আৰু ইয়াৰ সহায়ত কোনো অবৈধ বিদেশীক বৈধ ঘোষণা কৰিব নালাগে। সকলো অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰতে এই নীতি প্ৰয়োগ হ’ব লাগে।
চতুৰ্থতে ১৯৭১ৰপৰা ১৯৮৭ চনৰ সময়ছোৱাৰ ভিতৰত ভাৰতবৰ্ষত জন্ম লোৱা বিদেশীৰ সন্তানক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হ’ব সেয়াও নিৰ্ণীত হোৱাটো দৰকাৰী। এইখিনিতে উল্লেখ কৰা ভাল যে ২০১৫ চনৰ দুয়োখন অধিসূচনা বাতিল নহ’লে হিন্দু বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ সতি-সন্ততিয়ে নাগৰিকত্ব পোৱাটো নিশ্চিত কিয়নো নাগৰিকত্ব আইন ১৯৫৫ৰ ৩নং ধাৰাত কোৱা হৈছে-
Except as provided in sub-section (2), every person born in India–
(a) On or before 26th day of January, 1950 but before the 1st day of July, 1987,
(b) On or after the 1st day of July, 1987, but before the commencement of Citizenship (Amendment) Act 2003 (6 of 2004) and either of whose parents is a citizen of India at the time of his birth.
(c) On or after commencement of the citizenship (amendment) Act 2003 (6 of 2004) where
(i) Both the parents are citizens of India or
(ii) One of whose parents is a citizen of India
(iii) One of whose parents is a citizen of India and other is not an illegal migrant at the time of his birth shall be a citizen of India by birth.
পঞ্চমতে নাগৰিকত্ব নিৰ্ণিত হোৱাৰ পাছত অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ অবিহনে সন্দেহ আৰু শংকাৰ ৰাজনীতিৰ অন্ত পেলোৱাটো হ’ব এক দুৰূহ কথা।
এই পঞ্চমুখী ব্যৱস্থা গ্ৰহণৰ পাছত আমি অসমৰ মানুহেও এই সমস্যাটোৰ বন্দিত্বৰ পৰা মুক্ত হৈ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাটো প্ৰয়োজনীয়। Exclusion-ৰ ৰাজনীতি, সমাজনীতি পৰিহাৰ কৰি ধৰ্মীয়, ভাষিক সংকীৰ্ণতাৰ ঊৰ্ধ্বলৈ গৈ সম অধিকাৰ, সম বিকাশৰ মন্ত্ৰ আঁওৰাই এক মিশ্ৰিত সমাজ গঢ়াৰ পথত অগ্ৰসৰ হ’ব পাৰিলেহে এক সোণোৱালী ভৱিষ্যত ৰচনা কৰিব পাৰিমহঁক।
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ ই মে‘ইল ঠিকনা: [email protected])