DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ চিকিৎসকে প্ৰথমবাৰৰ বাবে কঢ়িয়াই আনিলে এছিয়াৰ নবেল খ্যাত ‘ৰমন মেগছেছে বঁটা’।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 3:32 pm
632
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট অংক’লজিষ্ট তথা শিলচৰৰ কাছাৰ কেন্সাৰ হাস্পতাল ছ’চাইটিৰ সঞ্চালক পদ্মশ্ৰী ডাঃ আৰ ৰবি কান্নানক সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০২৩ চনৰ সন্মানীয় ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছে।

এইবাৰৰ ভাৰতৰ একমাত্ৰ ৰমন মেগছেছে বঁটাবিজয়ী ডাঃ কান্ননে বিনম্ৰভাৱে কয় যে এয়া তেওঁৰ চিকিৎসালয়ৰ বাবে এক স্বীকৃতি আৰু তেওঁ ইয়াক কেৱল প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপেহে গ্ৰহণ কৰিব। তেওঁৰ প্ৰকল্পটোক সফলতাৰে আগুৱাই নিয়াৰ প্ৰতিষ্ঠানটোৰ চিকিৎসাকৰ্মী সকলৰ শলাগ লয়।

চেন্নাইৰ চিকিৎসক ডাঃ কান্ননে ২০০৭ চনত পত্নী সীতাৰ সৈতে কাছাৰ কেন্সাৰ হস্পিতাল ছ’চাইটিৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাইৰ আদয়াৰ কেন্সাৰ ইনষ্টিটিউটত চাৰ্জন হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। যাৰ বাবে স্বাস্থ্যসেৱা খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল।

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা সেৱাৰ সুলভতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডাঃ কান্নানে কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও আদি বিভিন্ন স্থানত নিজৰ ক্লিনিক আৰম্ভ কৰিছিল। তেওঁৰ নেতৃত্বত কাছাৰ কেন্সাৰ হাস্পতাল ছ’চাইটিয়ে ৯০%তকৈ অধিক আকৰ্ষণীয় ফ’ল’-আপ ৰেচিঅ’ লাভ কৰিছে।

উল্লেখযোগ্য যে ডাঃ কান্নানে ২০১২ চনত এজন কেন্সাৰ ৰোগীৰ বাবে প্ৰথমটো মাইক্ৰ’ভেছকুলাৰ অস্ত্ৰোপচাৰৰ তত্বাৱধান কৰিছিল, যিটো কেৱল চিকিৎসালয়খনৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবেও এক অগ্ৰণী কৃতিত্বৰ চিন ।

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। ১৯৫৭ চনত চনৰ পৰা প্ৰদান কৰি অহা ৰমন মেগছেছে বঁটা হৈছে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ নৈতিক শাসন, জনসাধাৰণৰ প্ৰতি নিষ্ঠাবান সেৱা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বঁটা।“এছিয়াৰ নোবেল বঁটা” খ্যাত এই বঁটাটো ফিলিপাইন চৰকাৰৰ সহযোগত ৰকফেলাৰ ব্রাদাৰ্ছ ফাণ্ডৰ ট্ৰাষ্টীসকলে প্ৰদান কৰে।

Recent News

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd