• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ নিৰ্বাচনী যুঁজত কি হ’ব বিৰোধীৰ স্থিতি? ‘সৰ্বশেষ চেষ্টাও ব্যৰ্থ’- মিত্ৰজোঁটৰ প্ৰস্তুতিৰ মাজতেই ৰাইজৰ দলৰ সভাপতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 4:09 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত মিত্ৰতা স্থাপনৰ প্ৰচেষ্টা চলি থকাৰ সময়তেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সামাজিক মাধ্যমত কৰা এটা পোষ্টে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৬ মাৰ্চত গগৈয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত “সৰ্বশেষ চেষ্টাও ব‍্যৰ্থ” বুলি উল্লেখ কৰাৰ লগে লগে কংগ্ৰেছৰ নেতৃত্বত গঠন হ’বলগীয়া বিৰোধী মিত্ৰজোঁটত ৰাইজৰ দলৰ অৱস্থান আৰু কংগ্ৰেছৰ সৈতে চলি থকা আলোচনাৰ স্থিতি সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে।

অখিল গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য এনে এক সময়ত প্ৰকাশ পাইছে, যিসময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু আন কেইবাটাও বিৰোধী দলে ৰাজ্যজুৰি যুটীয়া নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা ঘোষণা কৰিছে। এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে যে দলটোৱে বৰ্তমান ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ (এ পি এইচ এল চি) সৈতে লগ হৈ এক বৃহৎ বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে কাম কৰি আছে। গৌৰৱ গগৈয়ে লগতে কয় যে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল আদিকে ধৰি অন্যান্য দলৰ সৈতেও আলোচনা অব্যাহত আছে আৰু আগন্তুক দিনত এই মিত্ৰজোঁট অধিক সম্প্ৰসাৰিত হোৱাৰ আশা প্ৰকাশ কৰিছে।

Apply Now

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যে এতিয়াৰে পৰা বিৰোধী দলসমূহে সমগ্ৰ ৰাজ্যতে যুটীয়া প্ৰচাৰ অভিযান চলাব। উজনি অসমৰ কেইবাখনো সম্ভাৱ্য স্থানৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিষয়েও সিদ্ধান্ত লোৱা হ‘ব। বিৰোধী মিত্ৰজোঁটে এতিয়াও আসন বুজাবুজিৰ বিষয়টো চূড়ান্ত কৰা নাই যদিও কেইটামান সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কংগ্ৰেছে ইতিমধ্যে ৪২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। গৌৰৱ গগৈয়ে উল্লেখ কৰে যে এপ্ৰিলৰ মাজভাগত ব‘হাগ বিহুৰ পূৰ্বেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বিৰোধী দলসমূহৰ বাবে আগন্তুক কেইটামান সপ্তাহ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’বলগীয়া গগৈয়ে কয় যে পূৰ্বে যুটীয়া প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে আলোচনা হৈছিল যদিও ৰাজনৈতিক দলসমূহ সাংগঠনিক কাম-কাজ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ ব্যস্ত আছিল। এতিয়া ৰাইজৰ কাষলৈ উমৈহতীয়া দৃষ্টিভংগীৰে যোৱাৰ উপযুক্ত সময় বুলি বিবেচনা কৰিয়েই যুটীয়া প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে।

মিত্ৰজোঁটত অধিক দল চামিল হোৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে আলোচনা এতিয়াও অব্যাহত আছে। তেওঁ স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে আৰু অন্যান্য দলৰ লগতো তেওঁলোকৰ যোগাযোগ চলি আছে। আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ উমৈহতীয়া লক্ষ্যৰেই চাৰিওটা দলে হাত মিলাইছে। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই মিত্ৰতাক এক ‘ভাল আৰম্ভণি’ বুলি অভিহিত কৰি ইয়াক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে এ পি এইচ এল চিৰ মুৰব্বী জোনছ ইংতি কাথাৰে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে, ১২৬ জনীয়া অসম বিধানসভাত বৰ্তমান শাসকীয় বিজেপিৰ দখলত ৬৪খন আসন থকাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদৰ ৯ জন, ইউ পি পি এলৰ ৭ জন আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (বিপিএফ) ৩ জন বিধায়ক আছে। আনহাতে, বিৰোধী শিবিৰত কংগ্ৰেছৰ ২৬ জন, এ আই ইউ ডি এফৰ ১৫ জন, চিপিআই(এম)ৰ এজন আৰু এজন নিৰ্দলীয় বিধায়ক আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd