বৰপেটাত ‘ড্ৰ’ খেলিছে কংগ্ৰেছী পুৰুষ মহিলাই, কংগ্ৰেছৰ কব্জাত জিলা পৰিষদ

Congress-1assam

প্ৰতিনিধিত্বমূলক ছবি।

বিৰোধীৰ আসনত থাকিও ১১ গৰাকী পুৰুষ আৰু সমসংখ্যক মহিলা প্ৰাৰ্থীক বিজয়ী কৰাই ২৯ জনীয়া বৰপেটা জিলা পৰিষদ অনায়াসে দখল কৰিছে কংগ্ৰেছে।

সংখ্যাগৰিষ্ঠতা থকা আৰু জিলা পৰিষদৰ মুৰব্বীৰ আসনখন মহিলাৰ বাবে সূত্ৰে এতিয়া কেৱল চৰ্চা চলিছে কোন হ’ব সভানেত্ৰী?

বিজয়ী ১১গৰাকীৰ ভিতৰত ৩-৪ গৰাকীৰ নাম চৰ্চিত হৈছে বিশেষভাৱে৷ এইক্ষেত্ৰত শীৰ্ষত আছে ১৫ নং খোলাবন্ধা জিলা পৰিষদত জয়ী হোৱা নাজিমা খানম আহমেদৰ নাম৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী শুকুৰ আলীৰ পত্নী নাজিমা খানম  আহমেদক জিলা পৰিষদৰ সভানেত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবে কংগ্ৰেছৰ এটা শিবিৰ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷

একেদৰে বাঘবৰ সমষ্টিৰ অন্তৰ্গত ১৬নং মন্দিয়া জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থী জিনুমালা খানমক সভানেত্ৰী পতাৰ বাবেও বাঘবৰৰ কংগ্ৰেছী শিবিৰ ব্যস্ত হৈ পৰিছে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ সবল নেতৃত্বৰ বাবেই এ আই ইউ ডি এফৰ ঘাটি স্বৰূপ বাঘবৰত কংগ্ৰেছ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল লাভ কৰে বুলি চৰ্চাৰ মাজতে নিজ সমষ্টিৰ বিজয়ী প্ৰাৰ্থীক সভানেত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবে বিধায়ক আহমেদও ভিতৰি ভিতৰি চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে৷

আনহাতে জনিয়াৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেকৰ প্ৰচেষ্টাত  সমষ্টিটোৰ অন্তৰ্গত চাৰিওটা জিলা পৰিষদ লাভ কৰে দলটোৱে৷ ফলত সমষ্টি উন্নয়নৰ স্বাৰ্থত বিধায়ক খালেকেও কৃপণালি কৰা নাই নিজ সমষ্টিৰ প্ৰাৰ্থীক সভানেত্ৰী পতাত৷

কলগাছিয়া জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থী হাসৰা খাতুনৰ নামটোও জিলা পৰিষদৰ সভানেত্ৰী পদৰ বাবে চৰ্চালৈ আহিছে৷ আৰু চৰ্চা হৈছে হাউলী জিলা পৰিষদৰ বিজয়ী ৰচনা দাস বড়ো।