নিজৰ ভোটটোকে বিজেপিক দিব অগপ সভাপতি অতুল বৰাই?

himanta biswa sarma with atul bora

অতুল বৰাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ফাইল ছবি।

মিলিজুলি চৰকাৰ চলোৱাৰ পিছতো আগন্তুক পঞ্চায়ত নিৰ্বাচনত মুখামুখি প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত কৰা অগপৰ সভাপতিয়ে বিজেপিক ভোট দিব পাৰে জানো? পিছে এই অসম্ভৱ “আহ্বান”এৰেই মঙলবাৰে অতুল বৰাৰ সমষ্টি বোকাখাতত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যোৱা বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টি মিত্ৰ অগপক এৰি দিয়াটো “ভুল সিদ্ধান্ত” আছিল বুলি ঘোষণা কৰি অতুল বৰাক এই আহ্বান বিজেপি মন্ত্ৰীজনৰ৷ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰীজনে তীব্ৰ ৰাজনৈতিক কটাক্ষক সম্বলৰূপে লোৱা দেখা গ’ল।

“আমি অগপক হৰুৱাবলৈ নকওঁ, কংগ্ৰেছক হৰুৱাওক আৰু বিজেপিক ভোট দিয়ক। বিজেপি নাথাকিলে, অগপও নাথাকিব আৰু কংগ্ৰেছে অগপক মহতিয়াই নিব৷ বিজেপি নাথাকিলে বদৰুদ্দিন আজমলে দিছপুৰত তাণ্ডৱ কৰিব,” এয়া মিত্ৰতা  “ভংগ নহয়” বুলি ঘোষণা কৰি বোকাখাতৰ ৰজাবাৰীত শৰ্মাই চলোৱা প্ৰচাৰৰ নমুনা৷

গঁড় “হত্যাকাৰী” গণেশ দলেক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবেও অগপক সমালোচনা কৰে হিমন্ত বিশ্বই৷

লগতে পঢ়ক– অনমনীয় অতুল বৰা, অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবই গঁড় ‘হত্যাকাৰী’ গণেশ দলেই

পঞ্চায়ত নিৰ্বাচনৰ পাছতেই হাইস্কুলৰ শিক্ষাৰ্থীক বিনামূলীয়া গণবেশ, ১ জানুৱাৰিৰ পৰা কৃষকক সুতবিহীন আৰু ২৫% ৰেহাই মূল্যত ঋণ প্ৰদান আদি কেইবাটাও অনুদানমূলক আঁচনি লোৱা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

সভাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াও উপস্থিত আছিল।