• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী আৰু ওৱেইছিৰ একেই সুৰ! মেৰুকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে সৰৱ ৰাজ্যৰ বুদ্ধিজীৱী সমাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:33 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হোৱা বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ একাংশ বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে। গুৱাহাটী প্ৰেছ ক্লাবত ‘অসম চিভিল ছ’চাইটী’ৰ উদ্যোগত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল আৰু এ আই এম আই এমৰ নেতা আছাউদ্দিন ওৱেইছিক তীব্ৰ সমালোচনা কৰা হয়। সমাজকৰ্মীসকলে অভিযোগ কৰে যে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত ৰাজ্যখনত ধৰ্মীয় বিভাজনৰ এক সুপৰিকল্পিত প্ৰচেষ্টা অব্যাহত আছে।

সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত মেৰুকৰণৰ যি আওপুৰণি খেল খেলিছে, তাত পৰোক্ষভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে সাংসদ বদৰুদ্দিন আজমল। অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে সামান্যতমো জ্ঞান নথকা নেতা আছাউদ্দিন ওৱেইছিক অসমলৈ আমদানি কৰি আজমলে শাসকীয় দলৰ সাম্প্ৰদায়িক ৰাজনীতিত সাৰপানী যোগোৱা বুলি বুদ্ধিজীৱীসকলে দাবী কৰে। তেওঁলোকে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী শৰ্মা আৰু ওৱেইছিৰ বক্তব্যৰ সুৰ একেডাল সূতাৰে গঁঠা। দুয়োগৰাকী নেতাই মুছলমান মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যবাসীক শংকিত কৰাৰ প্ৰয়াস কৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচনৰ দৰে স্পৰ্শকাতৰ সময়ত এনে নেতাক অসমলৈ অনাৰ বাবে চিভিল ছ’চাইটীয়ে আজমলক কঠোৰ গৰিহণা জনোৱাৰ লগতে ওৱেইছিক অসমত সাম্প্ৰদায়িক প্ৰচাৰ চলাই চৰকাৰৰ এজেণ্ডা বাস্তৱায়িত নকৰিবলৈ সকীয়াই দিয়ে।

Apply Now

অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সমাজকৰ্মীসকলে কয় যে যিকোনো সংকটৰ সময়ত ৰাজ্যখনৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক জনসাধাৰণেই নিৰ্ভীকভাৱে থিয় দি আহিছে, আৰু সেই সময়ত আজমল বা ওৱেইছিক কাষত পোৱা নগৈছিল। সংখ্যালঘুসকলক সংখ্যাগুৰুৰ পৰা পৃথক কৰাৰ যিকোনো অসৎ প্ৰচেষ্টাক অসমৰ উদাৰ সমাজখনে দৃঢ়তাৰে প্ৰতিহত কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰে। আনহাতে, সংবাদ মেলত শেহতীয়াকৈ মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। হতাশাৰ বশৱৰ্তী হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে নিম্ন ৰুচিকৰ অপপ্ৰচাৰ চলোৱা বুলি দাবী কৰি অসমৰ ঐতিহ্যময় ৰাজনৈতিক সংস্কৃতিক কলুষিত নকৰিবলৈ তেওঁলৈ আহ্বান জনায়। তদুপৰি, সকলো ধৰণৰ ভয়-ভাবুকি, প্ৰৰোচনা আৰু প্ৰলোভন নেওচি অহা ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসম চিভিল ছ’চাইটীয়ে ৰাইজক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd