NORTHEAST NOW (Assamese)

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

June 28, 2022 2:10 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

ক’ভিডসৃষ্ট পৰিস্থিতি আৰু তাৰ আগৰ কেইবাবছৰৰ পৰা ৰাজ্যৰ গ্ৰন্থৰ ব্যৱসায়ৰ অতি মন্দাৱস্থা চলি থকা দেখা পোৱা গৈছে। তেনে সময়তে গ্ৰন্থৰ পাইৰেছীয়ে সমগ্ৰ ব্যৱসায়টো আৰু ইয়াৰ লগত জড়িত লোকসকলৰ মূৰত একপ্ৰকাৰ মাধমাৰ শোধাইছে।

ৰাজ্যত ছপা গ্ৰন্থৰ ব্যৱসায় ক্ৰমাৎ সংকটৰ সন্মুখীন হোৱাৰ সময়তে প্রায় প্রতিজন জনপ্রিয় অসমীয়া সাহিত্যিকৰ জনপ্ৰিয় কিতাপৰ পাইৰেছীত নামিছে এক বৃহৎ চক্র।

লগতে পঢ়ক: Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

জনপ্ৰিয় সাহিত্যিকৰ হাজাৰ হাজাৰ কিতাপ পাইৰেছী কৰিছিল এজন চৰকাৰী চাকৰিয়ালে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত দিয়া এটা গোচৰৰ পম খেদি পাইৰেছী চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ হোৱা লোকজন তিনিচুকীয়াৰ মন্টু ডেকা বুলি জানিব পৰা গৈছে। মন্টু ডেকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এজন ঠিকা ভিত্তিক কৰ্মচাৰী। তেওঁ তিনিচুকীয়া ডিজিটেল ৱেবচাইটত মুকলি কৰিছিল বহু কিতাপ। ২০১৯ চনৰ পৰাই ডিজিটেল তিনিচুকীয়া নামৰ এই ৱেবছাইটতো চলাই আহিছিল মণ্টু ডেকাই।

লগতে পঢ়ক: Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

মন্টু ডেকাৰ লগতে আন কেইবাজনো লোকে গ্রন্থস্বত্ব আইন উলংঘা কৰি ৰাজ্যত বহুদিনৰ পৰা এক পাইৰেছীৰ বজাৰ গঢ়ি তুলিছিল।

কিন্তু চাইবাৰ ক্ৰাইমে অভিযান অব্যাহত ৰখা এই চক্ৰটোৰ কেইবাজানো সদস্য পলাতক অৱস্থাত আছে। প্রায় ৭ হাজাৰ অসমীয়া গ্ৰন্থ অবৈধভাৱে পি ডি এফ আকাৰত উলিয়াই এই চক্রই কম মূল্যত বিক্ৰী কৰি লাখ লাখ টকা অৰ্জন কৰি আছিল।

লগতে পঢ়ক: World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী আদিকে ধৰি অসমৰ বিভিন্ন লেখকৰ ৫,০০০ তকৈ অধিক গ্ৰন্থ কপি কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।

Related News